Sunday 20 September 2015

মহাপুৰুষ


আমাৰ দুজন মহাপুৰুষ

দুজন মাথোঁ হেৰা,

এজন সূৰ্য, এজন চন্দ্ৰ

অসম পোহৰ কৰা।


সূৰ্য শঙ্কৰ চন্দ্ৰ মাধৱ

হৃদয় উজ্জ্বল কৰে,

এটিৰ প্ৰভাত দুটি জ্বলে

আমাৰ ঘৰে ঘৰে!

 

আমাৰ দুজন মহাপুৰুষ

আন্ধাৰ বিদূৰ কৰে,

আন্ধাৰ গাঁতত সাপৰ মূৰত

মাণিক জ্বলাৰ দৰে।


আমাৰ দুজন মহাপুৰুষ

দুজন মাথোঁ হেৰা,
এজন চন্দ্ৰ এজন চন্দ্ৰ

হৃদয় পোহৰ কৰা।


আমাৰ দুজন মহাপুৰুষ

নমো ভক্তি ভৰে,

ঢালক দুয়ো  অমৃত সদায়

আমাৰ ঘৰে ঘৰে।

2 comments:

  1. কবি জনৰ নামতো কি জানিব পাৰিম নেকি ?

    ReplyDelete