Sunday 1 November 2015

শ্ৰীশংকৰদেৱ



কবিঃ- যতীন্দ্ৰনাথ দুৱৰা

কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি,
তৱ পুণ্য কিৰণেৰে কৰিলা পৱিত্ৰ ভূমি!
নিৰলে বজাই বীণ কোন কবি-কাননত,
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত।
মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে,
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।
যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা
অসীম সাধনা বলে নমালা  স্বৰ্গৰ পৰা। 


বোৱালা ভক্তিৰ  সোঁত, দিলা ধৰ্ম, দিলা জ্ঞান;
দিলা ভাষা অসমক, কৰিলা জীৱন দান।
তোমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ?
গোটেই অসম ভূমিত বিস্তৃত জীৱনী যাৰ।
অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ,
অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ।
সকলোকে তুমি দেৱ! সজালা নতুন সাজে,
তোমাৰ গৰিমা-গীতি, হৃদয়ে হৃদয়ে বাজে।

তোমাৰ নামৰ ধ্বনি গাঁৱে গাঁৱে সবাহত,
উঠিছে আকাশ ভেদি কীৰ্তনৰ প্ৰসংগত।
'শংকৰ আমাৰ গুৰু' উলাহতে গাই গান,
দিয়ে আহি বিহুৱানে নৱ বৰষৰ জান।
বেদ-উপনিষদৰ বাছি বাছি ফুল তুলি,
কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।
ক্ষুদ্ৰ  স্বাৰ্থ, ভিন্ ভাৱ আঁতৰাই সৰু বৰ,
পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ।

জ্ঞানী, ভক্ত, কৰ্মবীৰ অসমৰ ৰত্ন তুমি,
অশেষ যতনে দেৱ সজালা জনম ভুমি।
তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত,
নিজকে চিনাকী দিয়ে হাঁহি হাঁহি জগতত।
তোমাৰ বলতে আজি হই আমি বলীয়ান,
উন্নতি বাটত হঁও ধীৰে ধীৰে আগুৱান।
স্বৰগ-নিয়ৰ দৰে তোমাৰ আশীস বাণী,
মৰুময় সংসাৰত বিতৰক শান্তি পানী।
তোমাৰ কৰুনা-কণা পৰে যেন জীৱনত,
ভক্তিৰ আঁজলি দিওঁ সাদৰেৰে চৰণত।

2 comments:

  1. কবিতাটোৰ সাৰাংশ পাম নেকি?

    ReplyDelete
  2. শ্ৰীশংকৰদেৱ কবিতাৰ প্ৰশ্ন উত্তৰ

    ReplyDelete