Sunday, 20 September 2015

ককা আৰু নাতিল'ৰা


ককা আৰু নাতিল'ৰা একেলগে বহি

সাজিছে বালিৰ   ঘৰ দুয়ু হাঁহি হাঁহি।

পোনাটি পূৱাৰ যেন প্ৰথম কিৰণ

আনজন সন্ধিয়াৰ হেঙুলী ৰহণ।


হাঁহি হাঁহি পোনাটিয়ে কয় উলাহেৰে

'সাজিম ইয়াতে ঘৰ অতি যতনেৰে

থাকিব ইয়াতে মোৰ হাতী-ঘোঁৰা যত,

লগুৱা লিগিৰী আৰু বয়-বস্তু কত,

চাৰিওফালে ওখ ওখ ঢাপ তিলি মই

ৰাখিম ঘৰটি মোৰ চোৰ নহাকই

মজত ফুলনিখনি জেউতি চৰাব,

বাটৰুৱা ভোল গৈ ৰৈ ৰৈ চাব।'



ককাই সঁহাৰি কয় মূৰ দুপিয়াই-

'সাজিছিলো তেনে ঘৰ কোনোবা দিনাই।

আছিল তাতেই মোৰ হাতী-ঘোঁৰা যত,

লগুৱা-লিগিৰী আৰু বয়-বস্তু কত।
এনেদৰে ঢাপ তুলি বাৰী পাতি মই

ৰাখিছিলো ঘৰখনি চোৰ নহাকই।

ফুলিছিল ফুল মোৰ ফুলনি শুৱাই

কালৰ সোঁতে যে নিলে সকলো উটাই।'



এনেদৰে সময়ৰ সোঁত পাহৰাই

ওমলে জামলে দুয়ু একেলগ হই।

একেলগে মেলে দুয়ু হৃদয় দাপোণ

ল'ৰালি কালৰ সেয়ে সোণালী সপোন।

এজনে ৰঙেৰে চাই ভৱিষ্য মৰতি,

আনজনে ভাবে বহি অতীতৰ স্মৃতি।

No comments:

Post a Comment