Monday, 15 December 2014

সিংহ আৰু ভালুকৰ যুঁজ

কবিঃ- এম ইব্ৰাহিম আলি


এখন হাবিত আছিল এটা মৰা হৰিণা পৰি,
সিংহ এটাই দেখা পাই আহিল লৰালৰি।
ক'ৰবাৰ এটা নোমাল ভালুকো গৈছিল সিটি বাটে,
দেখা পাালে সিংহ ৰজাক হৰিণাটোৰ স'তে!
 গিৰ্ গিৰণিত মাটি কঁপাই দিলে দীগল চোঁচা,
সিংহৰ মুখৰ আহাৰ খাব সিও কিন্তু মিছা।
বন ৰজাই গোঁজৰণিত খলক লগাই দিলে, 
দুয়ো দুইৰো ডিঙিত ধৰি যুদ্ধ আৰম্ভিলে।
খেদাখেদি, হতাহতি, কামোৰ আক্ৰমণ,
দুয়ো বীৰৰ মহাৰণত হাবিখন হ'ল ছন। 
শিয়াল পণ্ডিত থাকক চুপি উলুৱনিত বহি,
খৰিয়ালখন দেখি উঠক মনে মনে হাঁহি।
সিংহ ভালুক যুঁজি যুঁজি চেতন হেৰাল গাৰ,
দুয়ো দুঠাইত দীঘল দিলে ফোঁপনি হ'ল সাৰ।
এই সুযোগ কি শিয়ালে ককায়ে সহজতে এৰে?
এনেয়ে দহবাৰ সিন্ধি দিয়াৰ ফন্দি পাতি ফুৰে।
লাহে লাহে ওচৰ চাপি ডিঙিত কামোৰ মাৰি,
টানি নিলে হাৰিণাটি চোৰ্চোৰ -চোৰ কৰি।
গাঁতৰ কাষত লুকাই ৰাখি তিনি দিনমান খালে,
সিংহ আৰু ভালুকেহে  কোৱাৰি চেলেকিলে।
অনেক বেলিৰ পিছতহে পাই খানিক দেহত বল,
সিংহ ভালুক দুয়ো গুচি দুপিনেদি গ'ল।
মূৰ্খহঁতে কাজিয়াৰ ফল হাতে হাতে পালে,
মুখৰ আগত পোৱা আহাৰ আনে কাঢ়ি খালে।

2 comments:

  1. সুউব সুন্দৰ প্ৰচেষ্টা, হৃদয় চুই গ'ল

    ReplyDelete