Monday, 15 December 2014

স্বদেশ প্ৰেম

কবিঃ-পদ্মধৰ চলিহা

ধৰেনে জনম কেৱে এই মৰতত
শিলাময় কৰি তাৰ হিয়া,
"এয়ে মোৰ জন্মভূমি" বুলি মনে মনে
এবাৰো যি কোৱা নাইকিয়া?

আনৰ দেশৰ পৰা উলটি আহোঁতে
ফুৰি চাকি ঘৰমূৱা হৈ,
জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে
আছে নে কোনোবা এনে অ'ই?
আছে যদি এনে কোনো কাঠ-চিত
চিনি থ'বা তাক ভালকৈ
তাৰ বাবে গায়ক উচ্ছ্বাস উথলি
নুথে তাৰ গুণ গাবলৈ।
থাকক থাকিলে তাৰ ডাঙৰ উপাধি
জগতত ফটা-ফুটা নাম,
থাকক থাকিলে তাৰ বিভূতি বৈভৱ,
বাসনাই ঢুকি পোৱা মান।
কিন্তু তেনে স্বাৰ্থপৰ দুৰকপলীয়া
নাপায় খিয়াতি জনমত,
দুগুণ মৰণ ভুগি ধুলিৰ মানুহ
মিলি যাব ধুলিৰ লগত।
তাৰ বাবে কেৱে আৰু নোটোকে চকুলো,
কেৱে তাক নকৰে সন্মান;
কবিয়ে কবিতা ৰচি নকৰে নকৰে
কেতিয়াও তাৰ গুণ গান।

( এই কবিতাটি ইংৰাজ কবি ৱা্ল্টাৰ স্কটৰ Patriotism নামৰ কবিতাটিৰ সৰল অনুবাদ)

বি. দ্ৰ.:- নৱজ্যোতি বড়ো (বাবলু)ৰ সৌজন্যত

6 comments:

  1. 5th line from end. Mili jabo dhulir LOGOT. Logot tu got hoi ase

    ReplyDelete
  2. 5th line from end. Mili jabo dhulir LOGOT. Logot tu got hoi ase

    ReplyDelete
  3. ধন্যবাদ, শুধৰোৱা হ'ল

    ReplyDelete
  4. নুথে নহৈ নুঠে হব লাগে ।

    ReplyDelete
  5. হাইস্কুলীয়া জীৱন এই কবিতাৰ যোগেদি ক্ষন্তেকৰ বাবে হলেও ঘূৰাই পোৱা যেন বোধ হৈছে। ব্লগাৰলৈ অশেষ ধন্যবাদ।

    ReplyDelete