Friday 25 September 2015

চৰাই হালধীয়া


কবিঃ- কমলানন্দ ভট্টাচাৰ্য্য





চৰাই হালধীয়া, পাখিও ধুনীয়া,

            মাতিলি অমাতৰ মাত

            বিনন্দীয়া, মাতিলি অমাতৰ মাত!



আমোলাই বননি, উঠিলে বিননি কি জুই লগালি গাত,

ঐ বলিয়া কি জুই লগালি গাত ?

জুৰকৈ বলিলে পছোৱা বা-ছাটি

            আমৰ মল সৰালে বাত!


ক'লাকৈ ডাৱৰে জুৰ বৰষিলে,

            হিয়া মোৰ নপৰিল  শাঁত

            ঐ বলিয়া, হিয়া মোৰ নপৰিল শাঁত ।

No comments:

Post a Comment