Friday, 25 September 2015

অন্বেষণ


কবিঃ-সীতানাথ ব্ৰহ্মচৌধুৰী



নিজমনে গাই গাই বিৰহৰ কৰুণ সংগীত

সমস্ত জগত ধৰি নিজমনে ফুৰিছে বিচাৰি।
ক'তা সি প্ৰেমৰ ৰাণী, নিৰুপমা সৌন্দৰ্য প্রতিমা,

মোৰ পূৰ্ব জনমৰ যৌৱনৰ প্রথমা লগৰী।


ক'তা সি লাহৰী মোৰ, যাৰ সেই লৱনু দেহাত

সহশ্ৰ  বসন্ত নাচে, হালিজালি ফুলে যত ফুল,

প্ৰেম ভৰা  এটি চুমা, এটি মাথো আলিংগনে যাৰ

উন্মত্ত যৌৱন আনি কৰি দিয়ে অধীৰ আকুল!

মোৰ পূৰ্ব-জনমৰ জীৱনৰ সন্ধিয়া পৰত

চকুৰ পানীৰে কত দুজনাৰ সঁতে এৰা এৰি;

ই জন্মত কি আছে, কেনে আছে, কোনে জানে হায়!
তথাপি হিয়াই খোজে হৃদয়ৰ একান্ত লগৰী !


বিৰহ কৰি মই, বিৰহতে মৰোঁ ডেই পুৰি,

অ'মোৰ প্ৰাণৰ প্রিয়া, কত যাম তোমাক বিচাৰি ?




2 comments: