Friday, 21 November 2014

নাটঘৰ

বিফলতা লৈয়ে এই ৰচিলো জীৱন-গীতি,
সৰি পৰে দুচকুৰ নীৰ,
বিশাল বিশ্বত মাথোঁ নয়নৰ লোৰে মোৰ
উপচিল সাগৰৰ তীৰ |
জীৱন সপোন-স্মৃতি দিঠকৰ মৰীচিকা
ছঁয়াময়া ছবি সপোনৰ,
জীৱনৰ অৱশেষ বিফলতা হা-হুতাহ
জোখ-মাখ আপোন-পৰৰ |

কোন মহাশূন্য ভেদি আহিছিলো অকলই,
তাকে বহি ভাবোঁ মনে মনে,
বিশাল বিশ্বত আহি পাতিছো কিহৰ খেল
কিনো পালে মানুহ-জীৱনে |
জীৱন-নাটৰ ভাও কতনো কৰিলো শেষ,
কৰি গ’লো কত অভিনয়,
কতজনে কত ৰূপে জীৱনৰ ভাও দি দি
ভাঙি গ’ল মাথোন হৃদয় |
ভাগিল জীৱন-নাট, পৰি গ’ল যৱনিকা,
পুৱঁতীৰ তৰাও লুকাল,
শূন্য আজি নাটঘৰ, স্মৃতিৰ শলিতা জালি
বহি বহি ৰাতিটো পুৱাল |
কত দিন কত ৰাতি কত উত্সৱ-গীতি,
কত মৰণৰ হাহাকাৰ,
ৰূপৰ তুলিকা ধৰি আঁকোঁ নিতে ছায়াছবি
ফুতি উঠে ৰূপ-লীলা তাৰ |
জীৱনৰ ভাও লৈ লাগিছে বেজাৰ আজি
ভুৱা দেখি লাগিছে ভাগৰ,
সাগৰ-বালিতে সাজি ধেমালিৰ বালি-ঘৰ
পাহৰিলো ৰূপ সাগৰৰ |
কোন কাৰ জগতৰ, কোন কাৰ মৰমৰ
চকুৰ চিনাকি দুদিনৰ,
সসীমৰ ৰূপ-তৃষা অসীমত বুৰ যাব
খহি গ’লে জৰী মৰমৰ |

No comments:

Post a Comment