Wednesday 19 December 2018

ভাল পাওঁ

ভাল পাঁও আকাশৰ মেঘৰ ধেমালি, 
বেলিৰ লগত থাকে লুকাভাকু খেলি।

ভাল পাঁও পথাৰৰ ৰং সেউজীয়া, 
ধাননি কপাই বোৱা বতাহ বলিয়া।
ভাল পাঁও পুৱতিৰ কোমল ৰ'দালি,
দেখা দিয়া কুঁৱলিৰ বগা জাল ফালি।
ভাল পাঁও মাক মোৰ অতি মৰমৰ, 


মোৰ বাবে যাৰ নাই চিন ভাগৰৰ।
ভাল পাঁও দেউতাৰ স্নেহ সনা মুখ,
মোৰ বাবে তেওঁ সহে কিমানযে দুখ।
ভাল পাঁও সমনীয়া লগৰীয়া বোৰ,
যাৰ নাই কাম আৰু ধেমালিৰ ওৰ।
ভাল পাঁও মোৰ দেশ য'ত উপজিলোঁ,
য'ৰ ধুলি মাটিৰেই জীৱন গঢ়িলোঁ।
ভাল পোৱা বস্তু ভৰা এইযে পৃথিৱী,
কোনেনো স্ৰজিলে বাৰু তাকে থাকো ভাবি।


(যোৰহাটৰ ৰাজীৱ শৰ্মাৰ পৰা প্ৰাপ্ত)

4 comments: