Friday 21 November 2014

শেষ অৰ্ঘ্য

ৰৈ আছো শেষ অৰ্ঘ্য লৈ পূজোঁ বুলি তোমাৰ চৰণ
জীৱনৰ গধুলি পৰত কৰোঁ বুলি তোমাক বৰণ।
অপূৰ্ণ সাধনা মোৰ নহবনে জীৱনত পূৰ,
তোমাৰ পোহৰে আৰু নহ'ব নে অমানিশা দূৰ?
মনোময় মন্দিৰৰ সযতনে নিৰলা কোণত
বিকশিত ফুল তুলি জীৱনৰ কুসুম-বনত।
সঁজালো চন্দন মালা সুগন্ধিত অগৰু ধূপৰ,
জোনাকৰ  সূধা আনি পূৰ্ণিমাৰ জ্যোতি মনোহৰ
চন্দন শুকাই গ'ল মালতী কৰণিতে;



ধূপ গছি পুৰি গ'ল শলাদালি পুৰিলে বন্তিতে।
ৰচিলোঁ শুৱলা সুৰ কত লয় কতনো তানত;
শুণাম তোমাক বুলি বীণখনি তুলিলোঁ হাতত।
বজালোঁ ব্যাকুল বীণ দেউলৰ দুৱাৰ -দলিত;
আকুল গীতেও মোৰ নপশিল চৰণ-তলিত।
জিৰালে ভাগৰি গীত থমকিলে সুৰৰ ঝংকাৰ;
নিৰাশাৰ ছিগা তাঁৰ  কঁপি গ'ল বীণাতেই মাৰ।
পূৱাৰ প্ৰতীক্ষা কত দীঘলীয়া জোনাক যামিমনী
চাওঁতে চাওঁতে বাট ভাগৰিলোঁ লাগিল আমনি;
ধীৰে ধীৰে জীৱনৰ বন্তিগছি আহিছে নুমাই;
ধূপ-দীপ পুৰি গ'ল ব্যৰ্থতাৰ সৌৰভ বিলাই!
আজি যদি আহা তুমি সন্ধিয়াৰ বিদায় পৰত
কিহেৰে বৰিম প্ৰভূ! কিনো আছে শূণ্য কুটিৰত?
সকলো আজৰি কৰি মৰণ পথৰ যাত্ৰী হৈ
আছো বাট চাই আজি আশা কৰি শেষ দিনলৈ।
দুচকুৰে বৈ পৰা হিয়া ভৰা তপত শোণিত
ভৰি থলো অৰ্ঘ্য এই অৰপিম পূজাৰ বেদীত।
এয়ে আজি প্ৰভূ! মোৰ উপাচাৰ তোমাৰ পূজাৰ,
দীন আয়োজন মোৰ হিয়া ভৰা চিৰ বেদনাৰ!
শুকাল কুসুম-অৰ্ঘ্য জ্বলালা বুকুত জলা জুই
ইবাৰ তোমাৰে মোৰে দেখা হ'ব জানিলো নিশ্চয়।
অনন্তৰ আৰাধনা হ'ব জানো ব্যৰ্থ মোৰ সখা!
পোহৰাই হিয়া পুৰী নিদিবানে তুমি মোক দেখা?
হে চিৰ সুন্দৰ! ল'বা শেষ অৰ্ঘ্য ব্যথিত প্ৰাণৰ,
অৱশেষ ভষ্ম শিখা পুৰি যোৱা জীৱন ধূপৰ।
এই জীৱনতে নতু মৃত্য-লোক কৰি আলোকিত
অৰূপ অনন্ত ৰূপে দিবা দেখা হে চিৰ-বাঞ্চিত।
ৰচিম হোমৰ বেদী চিৰ শেষ শ্মশান চিতাত
নিবেদিত অৰ্ঘ্য মোৰ পূৰ্ণ হ'ব হে পূৰ্ণ! তোমাত।
চিতাগ্নি হোমাগ্নি হ'ব সমীৰণ মলয় চন্দন;
সিদিনা সাৰ্থক হ'ব পূৰ্ণ অৰ্ঘ্য, পূৰ্ণ ই জীৱন।

No comments:

Post a Comment