Friday 21 November 2014

জনমভূমি

মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই
জনমৰ আদিম পূৱাত;
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত। 

মৰাৰ পিছতো যেন পাঁওহি আকৌ ঠাই
চেনেহৰ শীতলী কোলাত;
ভাগৰুৱা আতমাই শেষৰ জিৰণি লৈ
জিৰাবহি তোমাৰ ছাঁয়াত।
________________________________________

পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি,
বাঁহ লম ওখ বিৰিখত;
পূৱতিৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদী গীতত।

আকাশৰ তৰাহৈ ৰ লাগি চাম ৰৈ
সেউজীয়া শুৱনি জেউতি,
জোনাকত মিল হৈ বিমান পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি।

হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ
ফুলি ৰম মানসী বিলত;
মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি
ঢুলাম তোমাৰ চৰণত।

নদী হৈ পখালিম দুখানি চৰণ নিতে,
মাটি হৈ মিলিম বুকুত,
সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।

তোমাৰেই ধূলি বালি তোমাৰ আকাশ বায়ু
আই মোৰ সৰগত বাস;
তুমি মোৰ মৰতৰ পূণ্য মুকুতিৰ ভূমি
তুমি মোৰ তীৰ্থৰ প্ৰভাস।

অ' মোৰ চেনেহী দেশ তোমাৰ দুখীয়া পঁজা
ৰচা তাত শান্তিৰ স্বৰগ;
ক'ত পাম এনে প্ৰতি সৰল প্ৰাণৰ ভাষা
সেৱাৰ মহিমাময় ত্যাগ।

দুখীয়াৰ ভগা পঁজা একেোখনি তীৰ্থ তাত
একেখনি পূণ্যৰ আশ্ৰম;
মৰিলে পুণৰ আহি দুখীয়া দেশতে মোৰ
লও যেন পুণৰ জনম। 

18 comments:

  1. বৰ ধূনীয়া কবিতা। স্কুলৰ পাঠ্যপুথিত সৰুতেই পাইছিলো যদিও যেতিয়াই পঢ়ো কিবা নতুন যেন লাগে।

    ReplyDelete
  2. বৰ ধুনীয়া কবিতা. পঢ়ি বৰ ভাল লাগিল কিন্তু কোন শ্রেণীত পাইছিলো মৱত নাই |

    ReplyDelete
  3. অসমীয়া সাহিত্যৰ এক আপুৰুগীয়া সুন্দৰ কবিতা ।

    ReplyDelete
  4. স্বদেশপ্ৰেম আৰু ভগৱৎ প্ৰেমৰ অটল অনুৰাগ ফুটি উঠিছে কবিতাটিৰ মাজেদি, বৰ ভাল লাগে।

    ReplyDelete
  5. ইমান সুনদৰ কবিতা কবি্য়ে জনমভূমিক কিমান ভাল
    পাই তাক প্ৰকাশ কৰিছে প্ৰক্ৃতি মাধ্যমেৰে.।কবি্য়ে
    সময়ত নদী বতাহ হবলৈও আশা কৰিছে যাতে তাৰ
    মাজে্দি্য়েই জননীক সেৱা কৰিব পাৰে। সেয়া কবিৰ দেশ প্ৰেম

    ReplyDelete
    Replies
    1. সাৰাংশ খিনি লিখিদিলে ছাত্ৰ ছাত্ৰী বহুত উপকৃত হলে হেতেন ।

      Delete
  6. বানান বহু ভুল আছে

    ReplyDelete
  7. কবিতাটোৰ মূলভাৱখিনি বুজাই লিখি দিলে উপক্ৰিত হ'ব

    ReplyDelete
  8. কবিতাটোৰ সাৰাংশ খিনি দিয়া হলে উপকৃত হলো হয়

    ReplyDelete
  9. জনমভূমি কবিতাৰ সাৰাংশটো দিয়া হলে ভাল আছিল ।

    ReplyDelete
  10. সৰু থাকোতেই পঢ়িছিলো

    ReplyDelete
  11. জনমভূমিৰ সমাৰ্থক শব্দ দুটা কি কি হব

    ReplyDelete
  12. সঁচাকৈ, কি শিক্ষা আছিল আমাৰ সময়ত ৷ আজিৰ শিক্ষা কি ? এইবোৰ কিমান মহত্ত্বপূৰ্ণ কিমান ৰসাল কবিতাৰ সম্ভাৰ আছিল ৷ এটাতকৈ আনটো আকৰ্ষণীয় ৷ পঢ়াৰ মজাই বেলেগ আছিল ৷

    ReplyDelete