Sunday 14 December 2014

ফুলক

কবিঃ- দূৰ্গেশ্বৰ শৰ্মা

কালিৰ সন্ধিয়া বেলিকা
পাতৰ মাজত থকা সৰু কলিটি;
আজি দেখিলোঁ এতিয়া
ৰূপে-ভৰা ফুলি  থকা সৰু হাঁহিটি।

কালি দেখি ভাল পাই,
আনো বুলি অনা নাই,
এবেলি চকুৰে চাই
লভিছিলোঁ মৰমৰ বুজনি এটি;
নাছিল ছিঙিম মোৰ ভাব এনেটি।


আজি দেখি মন মোৰ,
চাপি যাব খোজে তোৰ,
খোজে আজি হব চোৰ,
কোষলৈ ছিঙি আনি তোৰ হাঁহিটি,
মিহলাই তোৰ-মোৰ হাঁহি দুয়ুটি।

মূৰ দাঙি দেখা পাওঁ,
লেকেবা গুচি যাঁও,
লুকালেও গম পাঁও
বতাহত বিয়পোতে তোৰ গোন্ধটি;
তোৰ বিনে নাই মোৰ আশা একোটি।

No comments:

Post a Comment