Monday 15 December 2014

ৰূপহী

কবিঃ- দূৰ্গেশ্বৰ শৰ্মা

আঘোন মহীয়া ধান গাত ৰ'দ সানি
হাঁহি আছে পথাৰত সোণালী ৰঙেৰে ;
ঘৰৰ জীয়াৰী আহি লৈ কাচিখনি
ডাইছেহি পকা ধান মন-উলাহেৰে;


কিনো চাবা, কিনো ক'বা, কিবা মনোহৰ,
মিলি যায় ৰূপহীও ৰূপহী ধানেৰে;
দুইৰো সোণালী ৰং, নাই ভেদ-পৰ,
ৰূপহীৰো ৰূপ চৰে সোণালী ৰ'দেৰে ।

ওপৰত সূৰ্যদেৱ সোণালী ৰহণ,
পথাৰ ধানেৰে ঢকা সোণালী বৰণ,
মাজত ৰূপহী দেৱী সোণালী-বদন,
মনোমোহা দৰশন আতি বিতোপন ।

গধূলি চপাব ধান লক্ষ্মী ভঁৰালৰ,
সোমাব ৰূপহী ঘৰ লক্ষ্মী ভিতৰৰ;
লুকাব সোণালী ৰ'দ লক্ষ্মী আকাশৰ,
তিনি পিনে তিনি লক্ষ্মী যাব পথাৰৰ ।

No comments:

Post a Comment