Wednesday 22 November 2023

আদিকথা

কপিৰাইট  (স্বত্ত্বাধিকাৰ) বিলোপ হোৱা পুৰণি অসমীয়া কবিতাসমুহ ইউনিক'ড মানেৰে ইণ্টাৰনেটৰ যোগেদি উপলব্ধ কৰোৱাৰ ই আমাৰ এক নিঃকিন প্ৰচেষ্টা। আমাৰ জ্ঞান-বুদ্ধি মতে ইয়াত দিয়া সকলো পদ্য বা কবিতাৰে স্বত্ত্বাধিকাৰ ইতিমধ্যে বিলোপ হৈছে, তথাপিও ভুল ৰৈ যোৱাৰ সম্ভাৱনা নোহোৱা নহয়। ইয়াৰ বাবে আমাৰ উদ্দেশ্য নহয়, আচলতে এই কবিতা বিলাকৰ সম্বন্ধে সহজে উপলব্ধ তথ্যহে দায়ী। এই কাম কোনো ব্যৱসায়িক উদ্দেশ্যেৰে কৰা  হোৱা নাই, কেৱল প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰতি অকৃত্ৰিম অনুৰাগ আৰু ইয়াৰ সংৰক্ষণ তথা সম্প্ৰসাৰণৰ প্ৰতি থকা দ্বায়বদ্ধতাহে ইয়াৰ মূল চালিকা শক্তি।
 

তথাপি আমি কোনো ভুল তথা বে-আইনী কাৰ্যক সমৰ্থন কৰিব বিছৰা নাই। যদি কোনো পাঠকৰ হাতত ইয়াত দিয়া কবিতাসমূহৰ স্বত্ত্বাধিকাৰ উলংঘন সম্পৰ্কে কিবা নিৰ্ভৰযোগ্য তথ্য হাতত আছে, তেন্তে আমাৰ অনুৰোধ, যাতে অনতিপলমে মন্তব্য আকাৰে কবিতাটোৰ তলতে জনায়। সত্য তথ্য তথা মতামতক যথাযোগ্য সন্মানেৰে গ্ৰহণ কৰাৰ লগতে উপযুক্ত ব্যৱস্থা লোৱা হব।

 কবিতাবিলাকত বানান বা বৰ্ণ সঞ্চয়ন মূল চপা প্ৰকাশৰ আলমতে ৰখা হৈছে, কোনো সম্পাদনা বা শুধৰণি কৰা হোৱা নাই।

আপুনিও যদি এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰিব বিছাৰে, অনুগ্ৰহ কৰি আমাৰ লগত যোগাযোগ কৰক।

চিৰ চেনেহী মোৰ ভাষা জননী

আমি অসমীয়া নহও দুখীয়া কিহৰ দুখীয়া হম,
সকলো আছিল, সকলো আছে, নুশুনো নলও গম ॥

28 comments:

  1. ওপৰে ওপৰে চালো । লেখক/কবিৰ নাম দিয়া হোৱা নাই

    ReplyDelete
  2. ওপৰে ওপৰে চালো । লেখক/কবিৰ নাম দিয়া হোৱা নাই

    ReplyDelete
  3. কবিজনাৰ নাম, Label হিচাপে দিয়া হৈছে । তথাপিও আপোনাৰ পৰামৰ্শ মতে পোষ্টৰ ভিতৰত দিবলৈ চেষ্টা কৰা হব। অশেষ ধন্যবাদ।

    ReplyDelete
  4. শণাহী শত্ৰুৰ মূৰত নাচিবি
    ভৰিৰে থেলিবি ভয় অমংগল
    … এই কবিতাটিৰ নাম কি আছিল আৰু কবিতাটো প্ৰকাশ কৰি দিয়কচোন ইয়াত।

    ReplyDelete
    Replies
    1. So far as I remember the title of the poem was "Xaraighotia Dekadol"

      Delete
    2. 'শৰাইঘাটৰ ডেকাদল' কবিতাটি বিছাৰি পোৱা নাই, পালেই দিম। আপোনাক অশেষ ধন্যবাদ। আপুনিও চেষ্টা কৰকচোন। আপুনি ইয়াত নিজেই দিব পাৰিব।

      Delete
    3. শৰাই ঘটিয়া ডেকা দল
      লক্ষ্য তোৰ সমুজ্জ্বল
      বনোৱা তয় ৰণুৱা তয়
      গাত তোৰ ভীমৰ বল
      মাটি কাটিবি পৰ্বত সহাৰি
      একে ৰাতিতে বান্ধিবি গড়
      অষ্ট্ৰ ধৰিবি হিলৈ ফুটাবি
      ৰক্ত গংগাৰ বুৰাবি ঢল
      ঘোৰা চলাবি নাওঁ চলাবি
      মাৰিবি বৈথা, মাৰিবি দ্ধাৰ
      সনাহীৰ শত্ৰু মুৰত নাচিবি
      ভৰিৰে ঠেলিবি ভয় অম্বল
      হেং দাং ধৰিবি মোমাইক কাটিবি
      দেশ মাতৃৰ লাগিলে ভোক
      মু্গল সিংহ শিয়াল হ ব
      অসম মাৰিব নিদিবি ছল।।
      ধন্যবাদ শব্দবোৰ ভূল হব পাৰে আপোনালোকে শুধৰাই দিব লগতে মোক ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। মুনিন্দ্ৰ পাটোৱাৰী 🙏🙏🙏

      Delete
    4. ভূল শব্দ কেইটা শুধৰাবলৈ চেষ্টা কৰি আছোঁ পৰা নাই দেখোন।

      Delete
    5. কবিজনৰ নাম কি আছিল ?

      Delete
    6. অতুল চন্দ্ৰ হাজৰিকা

      Delete
    7. This comment has been removed by the author.

      Delete
    8. *শৰাইঘটীয়া ডেকা দল*
      কবি: অতুলচন্দ্ৰ হাজৰিকা।

      শৰাইঘটীয়া ডেকা দল
      লক্ষ্য তোৰ সমুজ্জ্বল
      ৰণুৱা তই বনুৱা তই
      গাত তোৰ ভীমৰ বল ।
      মাটি কাটিবি পৰ্বত খহাবি
      একে ৰাতিতে বান্ধিবি গড়
      অস্ত্ৰ ধৰিবি হিলৈ ফুটাবি
      ৰক্ত গংগাৰ বোৱাবি ঢল ।
      ঘোঁৰা চলাবি নাওঁ চলাবি
      মাৰিবি বঠা, মাৰিবি দ্বাৰ
      শণাহী শত্ৰুৰ মুৰত নাচিবি
      ভৰিৰে ঠেলিবি ভয় অমঙ্গল
      হেং দাং ধৰিবি মোমাইক কাটিবি
      দেশ মাতৃৰ লাগিলে ভোক
      মোগল সিংহ শিয়াল হ'ব
      অসম মৰিব নিদিবি ছল।।

      Delete
  5. এটা গুৰুত্বপূৰ্ণ কাম । ধন্যবাদ । প্ৰতিটো কবিতাৰ লগত কবিৰ নামৰ প্ৰয়োজন আছিল ।

    ReplyDelete
  6. মই জানিব বিচাৰোঁ পুৰণি অসমীয়া কবিতা "আই" ৰ লেখক কোন আছিল৷ কবিতাটোৰ প্ৰথম স্তৱকটি লিখি দিছোঃ হিমালয় গিৰি যাৰ কিৰীটি শিৰৰ/ সাগৰে ধুইছে যাৰ মলি চৰণৰ/ মলয়াই বিচি যাৰ বুকু চেঁচা কৰে/ শ্যামল আঁচল জুৰি সৌন্দৰ্য্য বাগৰে৷"

    ReplyDelete
  7. অসমীয়া পুৰণি কবিতা "আই"ৰ স্ৰস্তা কোন আছিল? ১ম পংক্তি এনে ধৰণৰঃ হিমালয় গিৰি যাৰ কিৰীটি শিৰৰ, সাগৰে ধুইছে যাৰ মলি চৰণৰ,,,.'

    ReplyDelete
  8. nice post www.niyogbarta.in
    Www.jobsriya.in

    ReplyDelete
  9. পুৰণি অসমীয়া কবিতা - ঘৰ , দিবলৈ অনুৰোধ জনালোঁ

    ReplyDelete
  10. পুৰণি অসমীয়া কবিতা- ঘৰ আৰু নোৱাৰো , পঠিয়াই দিয়ে যেন।

    ReplyDelete
  11. গছে গছে কুঁহিপাত
    চৰায়ে মাতিছে তাত
    ফুল আছে জক মক কৰি
    পখিলাই নাছে তাত
    ময়ূৰে ধৰিছে সাজ
    কুউ কুউ মাত মাতে কুলি
    মাজে মাজে বৰষুণ
    বঢ়াই ধৰাৰ ধুন
    পানী যেন ফটিকৰ ধাৰ
    ৰংমনে ল'ৰাবোৰে
    পথাৰত খেলা কৰে
    আনন্দত নাচে বাৰ বাৰ ।

    এই কবিতাটিৰ(অসম্পূৰ্ণ) শিৰোণাম আৰু কবিৰ নাম জনালে বাধিতহ'ম ।

    ReplyDelete
  12. nice ..continue your journey

    ReplyDelete
  13. অতি সুুন্দৰ পদক্ষেপ । 'সৰু আইটি আৰু সৰু চৰাই' নামৰ কবিতাটি বিচাৰি পালে ইয়াত উপলব্ধ কৰাবচোন ।

    ReplyDelete
  14. খুউব সুন্দৰ পদক্ষেপ, অসমীয়া কবিতাৰ প্ৰচাৰে সকলো পঢ়ুৱৈৰ উপকাৰ সাধিব।
    অসমীয়া ভাষাৰ সকলোবোৰ কবিতা পঢ়িবলৈ পাম বুলি আশা কৰিলো।🙏🙏🙏

    ReplyDelete
  15. This comment has been removed by the author.

    ReplyDelete
  16. *শৰাইঘটীয়া ডেকা দল*
    কবি: অতুলচন্দ্ৰ হাজৰিকা।

    শৰাইঘটীয়া ডেকা দল
    লক্ষ্য তোৰ সমুজ্জ্বল
    ৰণুৱা তই বনুৱা তই
    গাত তোৰ ভীমৰ বল ।
    মাটি কাটিবি পৰ্বত খহাবি
    একে ৰাতিতে বান্ধিবি গড়
    অস্ত্ৰ ধৰিবি হিলৈ ফুটাবি
    ৰক্ত গংগাৰ বোৱাবি ঢল ।
    ঘোঁৰা চলাবি নাওঁ চলাবি
    মাৰিবি বঠা, মাৰিবি দ্বাৰ
    শণাহী শত্ৰুৰ মুৰত নাচিবি
    ভৰিৰে ঠেলিবি ভয় অমঙ্গল
    হেং দাং ধৰিবি মোমাইক কাটিবি
    দেশ মাতৃৰ লাগিলে ভোক
    মোগল সিংহ শিয়াল হ'ব
    অসম মৰিব নিদিবি ছল।।

    ReplyDelete