Friday 25 September 2015

তেওঁলৈ



কবিঃ- তৰুণৰাম ফুকন

চুমাটি খাবলৈ পালে সি দুটি ওঁঠত,
লাখতো হেঁপাহ মোৰ থাকিব মনত ।
তথাপিতো সি মুখতে ওঁঠ দুটি থই,
প্রতি মাটিতে ৰম যুগ যুগ কই,

তাতো নুগুচিব মোৰ প্ৰাণৰ ধাউতি,
চুমাকেহে খাই ৰম তোমাকে সাৱটি।
নিছিগে তোমাৰে মোৰ বান্ধনি চুমাৰ;
সদায় চুমাকে খাম, খাম আৰু বাৰ।
পথাৰ ধান মাহ অশেষ অলেখ,
তাতোকই বেছি হ'লে নপৰিব শেষ।
আথৰিব মিছাকৈয়ে যতন নকৰোঁ
এৰিব পাৰিমনে ঐ? নোৱাৰোঁ নোৱাৰোঁ।
 -----------------------------------------------
Gatullers- ৰ আৰ্হি লৈ Byron Ellen লৈ লিখা কবিতাৰ ভাঙনি

No comments:

Post a Comment