Wednesday 30 September 2015

সাগৰ সঙ্গীত


কবিঃ-ধর্মেশ্বৰী দেৱী



সাগৰৰ পাৰতে             বহি মই অকলে

গণিম আকাশী তৰা ,

কেতেকী চৰায়ে                গাব বিভূ-গীতি

শুনিম দূৰৈৰে পৰা।


মনৰে কথাটি               'ম বতাহক

বুকুখনি জুৰ কৰি ;

লাহৰি সখীৰে           কৰিম ধেমালি

ডিঙিত সাবটি ধৰি ।


 নাদুৰি সাতুৰি          ওপঙি ফুৰিম

নীলিম লগৰী সতে ,

মেঘৰ জীয়ৰীয়ে               চকুৰ ঠাৰেৰে

মাতিৰ চেনেহী মাতে ।



কত তলে যান          আকৌ উঠিম

গাম আবেগৰ গীতি,

বুকুৰ বেথাটি            বুকুতে সামৰি

 সোততে ফুৰিমে উটি ।


কোনোবা খিনিতে          দূৰ দূৰণিতে

পৰিম যেতিয়া গই,

আকুল স্বৰেৰে              হিয়া-বীণখনি

বাজিব বাজিব ঐ।

No comments:

Post a Comment