Saturday 10 October 2015

অসমীয়া ডেকাৰ উক্তি


কবিঃ- জ্যোতিপ্ৰসাদ আগৰৱালা

শক্তি পুত্ৰ মই,

ভক্তি বুকুত লই,

মূক্তি প্ৰয়াসী হই,

     অৰ্জ্জুন মই, গাণ্ডীবী মই,

         ময়েই ধনঞ্জয় মৃত্যুক কৰিছোঁ জয়;


ময়ে অসমৰ,

ময়ে ভাৰতৰ,

         ময়ে ডেকা লৰা অগ্নিময় |

                      ময়ে ভাৰতৰ নবীন সূৰ্য্য,

                              পূৰ্বাচলত বজাওঁ তূৰ্য্য।


মোৰ পোহৰৰ গানে,

আকাশে আকাশে, দেশে মহাদেশে,

         মুগ্ধ কৰিব আলোক যাত্ৰী,

         শেষ হব শেষ নোহোৱা ৰাত্ৰি,

             কৰিম জগত জয়,

             নবীন সূৰ্য্য মই ।



উপচি আহিব পোহৰৰ ধল,

    লুইতৰ দৰে ফেনে ফোটোকাৰে,

                       ফেনিল শুভ্ৰ জ্যোতি প্ৰপাতৰ জল ।

হাতীপটীয়েদি ঐৰাবাটেদি

কত নগৰৰ অলি গলিয়েদি

কত মেধাবীৰ মহামনীষীৰ,

         মনৰ মাজেদি,

    কবীন্দ্ৰ জিনি হম,

         মহামনীষাৰ মহাসাগৰত ৰম ।

No comments:

Post a Comment