Wednesday 7 October 2015

প্রকৃতি


কবিঃ- পদ্মনাথ গোহাঞি বৰুৱা



শান্তিৰ মলয়া বলি প্রাণ জুৰ কৰে,

শীতল বৰণে তাৰ জগত সামৰে ;

অশান্তি ৰদৰ তাপ লাগিলে হিয়াত,

চাটিফুটি মন-প্রাণ, নাই তত্  গাত ;
মানৱ হিয়াত এনে প্রতিবিম্ব কাৰ,

নাচে কোন দাপোণত মহিমা অপাৰ ?

দেখি ৰূপ আপোনাৰ মাজে মুগ্ধ নৰ,

নকৰে অকণি মন ৰূপ দাপোণৰ !

ভাবুক কবিয়ে চকু ঘনে পিৰিকাই,

ছায়াঁটিৰ আদি ৰূপ দিয়ে উদিয়াই :

অনুকৃতি ভিন ৰূপে নৰ-প্রকৃতিৰ,

আদি আৰ্হি সতে মিলে বজাৰ সৃষ্টিৰ ৷



ক্ষণে জুৰ, ক্ষণে ঘোৰ, ক্ষন্তেকে প্রলয়,

নোপোৱা বিমুগ্ধ নৰে প্রকৃতি আশই ।


No comments:

Post a Comment