Saturday 31 October 2015

ঈশ্বৰ



নিচিনোঁ তোমাক         আছা প্রভূ
আমি অতি সৰু ৰা

চিয়ঁৰি চিয়ঁৰি                মাতিলে তোমাক
নামাতা দূৰৈৰ পৰা



নাজানোঁ তোমাক        মিনতি কৰিব
আমি অতি সৰু ৰা
আছানেকি প্রভু           সৰগত তুমি
হই জোন বেলি তৰা


নুবুজোঁ তোমাৰ           মৰমৰ মাত
আমি অতি সৰু ৰা
ৰিণিকি ৰিণিকি            সুৰ এটি আহে
জানো ৰবাৰ পৰা


তথাপি তোমাক           ভালপাঁও প্রভু
আমি অতি সৰু ৰা
তোমাৰ চেনেহ            দয়াৰে আমাৰ
বুকুখনি থাকে ভৰা


নোৱাৰোঁ বুজিব           তোমাৰ মহিমা
আমি অতি সৰু ৰা
বিলোৱা হিয়াত            মৰম জেউতি
নিতে আঁতৰৰ পৰা

6 comments:

  1. আপোনাক বহুত ধন্যবাদ!

    ReplyDelete
  2. আপোনাক বহুত ধন্যবাদ!

    ReplyDelete
  3. ছাৰ কবি জনৰ নাম কি

    ReplyDelete
  4. কবি- ৰঘুনাথ চৌধাৰী

    ReplyDelete