Saturday 31 October 2015

কাৰ কি মাত



বাঘ সিংহই গোজৰ মাৰে
পাৰই দিয়ে ৰুণ,
ভোমোৰা আৰু মৌ-মাখিয়ে
কৰে গুণ্ গুণ্

 শিয়ালে কৰে হোৱা হোৱা
কুকুৰবোৰে ভুকে,
মেকুীয়ে মিউ মিউকৈ
ফুৰে চুকে চুকে

ছাগলীবোৰে বেবাই ফুৰে
গৰুৱে হেম্বেলিয়ায়,
কাউৰীবোৰে গছৰআগত
থাকে ৰমলিয়াই

চিৰিক্ চিৰিক্ কৰি মাতে
ঘৰ-চিৰিকা জাকে,
সোণ মইনাই কি কৰেনো?
কলকলাই থাকে

1 comment:

  1. মেকুৰীয়ে মিউ মিউকৈ
    ফুৰে চুকে চুকে ।

    ReplyDelete