Friday 9 October 2015

সৃষ্টি পাতনি


কবিঃ-সূর্য্যকুমাৰ ভূঞা



সেই প্ৰলয়ৰ দিনা,

তুমি প্রভু হাতত ললা তোমাৰ ৰুদ্ৰ বীণা।



আনন্দময় নাছিল কোনো,

আছিল নিমাত অৰুণ জোনো,

দিগন্তেদি  উঠিল জ্বলি ভীষণ উদ্দীপনা;

যিদিনা তুমি হাতত ল'লা তোমাৰ ৰুদ্ৰ বীণা।

 

চন্দ্ৰ  সি গল কক্ষ এৰি

নতুন আকাশ বাঞ্ছা কৰি ।

য'ত যি আছিল কিৰণ-মালা সিয়ো জেউতি হীনা ,

যিদিনা তুমি হাতত ললা তোমাৰ ৰুদ্ৰ বীণা।



আকাশ সি হ'ল ডাৱৰ ঢকা,

নাছিল ক'তো বেথা,

সৃষ্টি জুৰি পৰিল ব্যাপি দোকোল-দাকাল পানী ;

তাৰ ওপৰে উড়িল প্ৰভু তোমাৰ ৰুদ্ৰ বীণা ৷





সেই আন্ধাৰত উদিল পুনু লক্ষ তৰা

সেই বিনাশত জন্ম পালে পুষ্প ধৰা ,

মুছৰিলে চিন্তা লতা,

নতুন সুৰৰ নতুন কথা,

বিশ্ব এৰি পৰিল হিয়াত নতুন সৃষ্টি-কণা;

সিদিনা তুমি নমাই থলা তোমাৰ ৰুদ্ৰ বীণা ৷




No comments:

Post a Comment