Saturday 31 October 2015

ৰং আৰু ৰস



ৰং

 ৰঙা নীলা হালধীয়া

অকলশৰীয়া,

ৰঙা নীলা মিলি দুয়ো

' বেঙুনীয়া

ৰঙাৰ সৈতে হালধীয়া

পালোঁ সুমথিৰা,

হালধীয়া নীলা মিলি

' সেউজীয়া

ৰঙা নীলা হালধীয়া

কৰিলে মিহল,

মটীয়া ৰংটি পাবা

ডাঠ বা পাতল

ৰস


 জলকীয়াজলা' আৰু

নিমপাততিতা'

চেনি মৌ কুঁহিয়াৰ

এইবোৰমিঠা'

জলফাইটেঙা' আৰু

কেঁহা' আমলখি,

লুণীয়া বিচাৰি পাবা

নিমখ চেলেকি

No comments:

Post a Comment