Friday 1 April 2016

সুখ



কবিঃ- আনন্দ চন্দ্ৰ আগৰৱালা

সুখ সুখ বুলি            মানুহ বলিয়া
        নেদেখে সুখৰ মুখ ;
সুখ বিচাৰোঁতে          পায় সংসাৰত
        দুখৰ উপৰি দুখ ৷
 
দেখিও নেদেখা          কিয় দিন-কণা
        সুখযে হাততে আছে ;
যিটেদিব পাৰে          স্বাৰ্থ-বলিদান,
        সুখ ফুৰে পাছে পাছে ৷


অকল নিজৰ          নিমিত্তে নহয়
        আমাৰ জীৱন ভাই,
পৰৰ কাৰণে          খাটিব পাৰিলে
        সংসাৰ সুখৰ ঠাই ৷
 
পৰৰ অভাৱ,          পৰৰ দুখত
        হিয়া যদি পমি যায়,
পৰক আপোন          কৰিব পাৰিলে
        সংসাৰত দুখ নাই ৷
 
শক্তি-সামৰথ          পৰৰ সুখত
        বিলাব পাৰিলে ভাই,
পৰৰ কাৰণে          কান্দিব জানিলে
        কান্দোনতো সুখ পায় ৷
 
সকলো আপোন     যত নৰ-নাৰী ;
        কাকনো বুলিম পৰ ?
পৰমপিতাৰ          সকলো সন্তান
        পৃথিৱী আমাৰ ঘৰ ৷
 
গাই-গোটা-পেটে-   ভঁৰাল নহবাঁ ৷
        লোকৰ দুখলৈ চোৱাঁ,
মানুহৰ সেৱা,       মানুহৰ পূজা,
        পৱিত্ৰ বৰত লোৱাঁ ৷


সুখৰ দুখৰ           মনেই কাৰণ
        মনক কৰিবাঁ থিত ;
ত্যাগত লভিবাঁ     পৰম সন্তোষ
        সাধিবাঁ লোকৰ হিত ৷
 
স্বাৰ্থৰ বাটত       দুখৰ কাঁইট,
        খোজে পতি বিন্ধে হুলে,
স্বাৰ্থৰ বাট,       সেন্দুৰীয়া আলি,
        সুগন্ধি কুসুম ফুলে ৷
 
যথাৰ্থ নিঃস্বাৰ্থ   ধৰমী জীৱন,
        বিস্ব-প্ৰেমে ভৰ-পূৰ,
বিশ্বৰ সকলো       ভাই-ভনী তাৰ,
        সুখৰ নপৰে ওৰ ৷

11 comments:

  1. নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি

    ReplyDelete
  2. এই কবিতাটো পঢ়িলেই জীৱনৰ অৰ্থ থাকে।

    ReplyDelete
  3. বিউটিফুল পোয়েম ইন্লভে ইট থন্ল ইউ সোঁ মাচ ফৰ থিস্চ পোয়েম

    ReplyDelete
  4. জীৱন গঢ়াৰ অমুঘ অষ্ট্ৰ। অতুলনীয়!

    ReplyDelete
  5. সুন্দৰ কবিতা

    ReplyDelete
  6. বৰ্তমান যুগত সচাই দৰকাৰী কবিতা।সুখ কি আৰু কত পোৱা যায় কবিতা টিয়ে বুজাই দিয়ে।

    ReplyDelete
  7. সুন্দৰ কবিতা।প্ৰকৃত সুখৰ অৰ্থবাহক ,বৰ্তমানৰ যুগত দৰকাৰী অনন্য কবিতা।

    ReplyDelete
  8. পুৰণি দিনৰ কৱিতা। পঢ়িছিলো। আবৃত্তি কৰিছিলো। ভাল লাগে। সুখ অনুভৱ কৰো।

    ReplyDelete
  9. এক নষ্টালজিয়া কবিতা 🙂❣️

    ReplyDelete
  10. সুন্দৰ কবিতা

    ReplyDelete