Tuesday 12 April 2016

সৰু



কবিঃ- বিনন্দচন্দ্ৰ বৰুৱা

এটোপ দুটোপ পানী           একে লগ হই
পৰিণত হ'ল সাগৰত,
অকণ দুকণ বালি-চাঁহি            গোট খাই
হ'ল এই বহল জগত।

পল পল দণ্ড কৰি       সময়ৰ সোঁতে
অনন্তৰ কৰিছে বৰাই,
এটি দুটি মৰমৰ           সৰু সুৰা কামে
জগতৰ মঙ্গল সূচায়।
ঠুনুক ঠানাক মাতে      মইনাহঁতৰ
পৃথিৱীত মউ বৰষিছে,
দেৱতাৰ দূত যেন        শিশুৰ হাঁহিয়ে
মৰতত সৰগ পাতিছে।

13 comments:

  1. Sorry for not being able to write it in Assamese. But the poem I remember is different.
    Etup dutup Kori daworor pani Pori bhori gol bohol sagor
    Kon kon Bali-chanhi ite xite lag lagi xaji dile dharani dangor
    Pol onupol Kori dar din mah sori jug jug par hoi jai
    Eti duti Kori Gotha maramar maat kotha jagatak xorog korai
    Okol sukhere bhora nohoy janiba dhora dukhu ase xukhor lagat
    Eti mathu hahi xori jagat puhor Kori xukhe bhora korise marat.

    ReplyDelete
    Replies
    1. this is what i was lookin for

      Delete
    2. আমি এই কবিতাটো পঢ়িছিলো।

      Delete
    3. এটোপ দুটোপ কৰি দাৱৰ ৰ পানী পৰি ভৰি গল বহল সাগৰ
      কন কণ বালি সাহি ইটো সিটো লগ লাগি সাজি দিলে ধৰণী ডাঙৰ
      পল অনুপল কৰি দাৰ দিন মাহ কৰি......

      Delete
  2. এইটো বেলেগ কবিতা, আপুনি কোৱা পদ্যটোৰ নাম 'সৰু বস্তু' । এই ব্লগত আপুনি কোৱা কবিতাটো তলৰ লিংকত পাব

    http://kobitakuki.blogspot.in/search?q=%E0%A6%B8%E0%A7%B0%E0%A7%81+%E0%A6%AC%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%81

    ReplyDelete
  3. পুৱাৰ পোহৰ ওলাও ওলাও আন্ধাৰ আতৰি গল,
    কবিতা টো দিবচোন। তাৰোপৰি গোটোৱা গোলাপ কলি থাকোঁতে সময় সখী টো দিবচোন।

    ReplyDelete
  4. সুন্দৰ প্ৰয়াস ৷ যিসকলে এই কামটো কৰিছে তেওলোকলৈ মোক আন্তৰিক শুভেচ্ছা থাকিল ৷

    ReplyDelete
  5. সুন্দৰ প্ৰয়াস। ড: নিৰমল প্ৰভা বৰদলৈৰ বেবেৰিবাং কবিতা টো আছে যদি দিবচোন।

    ReplyDelete
  6. Oti sundor proyas. Thank you so much!

    ReplyDelete
  7. বহুত ভাল প্ৰয়াস । পুৱাৰ পোহৰ.... কবিতাটো বিচাৰি নাপালো... দিবচোন

    ReplyDelete
  8. কিছুমান পদ্য কপিৰাইট সম্বন্ধীয় জটিলতাৰ বাবে ইয়াত দিব পৰা নাই, তাৰ বাবে ক্ষমাপ্ৰাৰ্থী

    ReplyDelete