Monday 30 May 2016

তুমি



কবিঃ- প্ৰতিভাদেৱী গোস্বামী

নদী দেখি ভাব হয় তুমি শান্তিদাতা;
শস্য দেখি ভাব হয় তুমি বিশ্বপিতা।
ফুল দেখি ভাবো তুমি কিমান সুন্দৰ;
চন্দ্ৰ দেখি ভাবো তুমি হাঁহিৰ আকৰ।

নভো দেখি ভাব হয় তুমি কি উদাৰ;
মেঘ দেখি ভাব হয় দয়াৰ আধাৰ।
মাতা দেখি ভাব হয় তুমি স্নেহময়;
পিতা দেখি ভাব হয় তুমি সুখৰ আলয়।
নিখিল ভুৱন মাজে কত অভিনৱ;
দেখোঁ নিতে নিতে নাথ শত ৰূপ তৱ,


No comments:

Post a Comment