Monday 30 May 2016

নীতি সপ্তক

কবিঃ- ৰমেশচন্দ্ৰ দেৱশৰ্মা

সহজে তুষিব পাৰি মুৰুখৰ মন,

আৰু সহজতে তুষ্ট হয় জ্ঞানীজন।

অল্প জ্ঞান লাভ কৰি দুৰ্বিদগ্ধ জনে,

ব্ৰহ্মাৰ কথাটো জানা সন্তোষ নেমানে।


জলেৰে কৰিব পাৰি অগ্নিৰ বাৰণ,

ছত্ৰেৰে ৰ’দৰ তাপ হয় নিবাৰণ।

মদমত্ত হাতী বশ তীক্ষ্ন অঙ্কুশত,

লাঠিত বাৰণ হয় আৰু গাধ যত।

ঔষধত ৰোগ ব্যধি হয় নিবাৰণ,

বিবিধ মন্ত্ৰৰ বলে বিষ বিনাশণ।

শাস্ত্ৰোক্ত ঔষধ আছে সৱ বিষয়ৰে,

মূৰ্খৰ ঔষধ নাই সংসাৰ ভিতৰে।





1 comment:

  1. Harrah's Reno Casino & Hotel - Mapyro
    Harrah's Reno is a 화성 출장마사지 casino in 수원 출장마사지 Reno, Nevada, United States and 충청남도 출장샵 is open daily 24 순천 출장안마 hours. The casino's 67100 square foot gaming space features nearly 1,200 춘천 출장마사지 slots

    ReplyDelete