Monday, 15 December 2014

পুৱা

গহীন পুৱতি নিশা, নিতাল জগত,
ক'তো নাই জোনাকৰ চিন;
নিমাত বিশ্বৰ বাঁহী, নিজম চেতনা,
সুৰ ভুলা জীৱনৰ বীণ।

জীৱনৰ যুঁজ এৰি কাম কৰ্মী দুয়ো
শঁতাইছে যুঁজৰ ভাগৰ;
বিয়পি অসীম বিশ্ব আন্ধাৰ এলাহ,
গতিহীন স্থিতি জীৱনৰ।

কোনোবা দিশৰ পৰা ধীৰ সোঁত বলি
আহিছে এখনি জুৰ নৈ;
ৰিণিকি ৰিণিকি এটি নীৰৱ কবিতা
বাজিছে বুকুত ৰৈ ৰৈ।

জোনাক জোনাক বুলি জীৱন বিচাৰি
আন্ধাৰত প্ৰকৃতি আতুৰ;
জোনাক-জীৱন খুজি ওপঙি ফুৰিছে
নিফুট আকুল এটি সুৰ ।

কাতৰ সুৰত পমি নিয়ম-বিহোতা
প্ৰাকৃতিৰ প্ৰবোধি মন,
দিবলই মনে মনে জোনাক-জোনানী
পাৰিছে পুৱাৰ বতাহক;

স্বৰ্গৰ বাতৰি পায় আপেক্ষি জোনাক
প্ৰকৃতিৰ উত্ৰাৱল চিত;
বহিছে শীতল বায়ু নাছিছে লতাই,
ফুলকলি হাঁহিছে থুপিত।

দুটিমান জোনাকৰ সোণোৱালী ৰেখ
লাহে লাহে ভৈয়াম নামিছে;
সৃষ্টি-পাতনিৰে সেই জীৱন্ত ছবিটি
ঘুৰি আহি ভূমুকি মাৰিছে।

লোকালোক সাগৰত  উটি-বুৰি ফুৰা
জীৱনৰ পবিত্ৰ ভাবটি;
আধা আলো, আধা ছাঁত, ফুলোঁ ফুলোঁ কৰি
প্ৰকৃতিক ধৰিছে সাৱটি ।

জিলিঙনি এটি আহি পদুম বনত
স্বৰগৰ ৰহণ ঢালিছে;
অকলশৰীয়া দুটি পদুম-কলিয়ে
চুমা খাই হালিছে-জালিছে।

স্বৰ্গৰ জেউতি দেখি ৰাজহাঁহ-যুৰি
প্ৰেমৰ আলচ ভুলি গৈ
চিত্ৰৰ পুতলী প্ৰায় আছে থৰ লাগি
ইটিয়ে সিটিয়ে চাই ৰৈ ।

আকৌ ঘুমটি ত্যাজি নিজম চেতনা
লাহে লাহে সজাগ হৈছে,
পাহৰা সুৰটি ঘূৰি বজাবৰ গুণে
বীণখনি হাতত লইছে।

বৰষা অনন্তকাল জ্ঞানৰ পোহৰ
জ্যোতিৰ্ময় জোনাকী সবিতা;
বজোৱা অনন্তকাল পঞ্চমত তুলি
বীণাপাণি  কোমল কবিতা।

1 comment:

  1. বৰ সুন্দৰ |
    ধন্যবাদ

    ReplyDelete