Sunday 14 December 2014

গিৰিমল্লিকা


কবিঃ-ৰঘূনাথ চৌধাৰী

অয়ি অনৱগুণ্ঠিতা ফুল্ল শিখৰিণি,
ৰঞ্জি মণিকৰ্ণিকাৰ হৰিৎ মেখলা,
আছা শোভি শুভ্ৰ বেশে, কৰি সুৰভিত
লৌহিত্যৰ তীৰ-ভুমি শ্যামল বননি।
নন্দনৰ ৰূপ-জ্যোতি পৰিমল সুধা
কৰি আহৰণ বিশ্ব বিজয়িনী ৰূপে
মোহিলা নিতম্ব দেশ বিজন প্ৰান্তৰ।

বনস্পতি দ্ৰুমদলে নৱপল্লৱেৰে
জনাইছে হৃদয়ৰ গুপ্ত সম্ভাষণ।
স্তোকনম্ৰা লতিকাৰ কুঞ্জ পল্লৱত
উঠিছে উথলি যেন প্ৰেমৰ তৰঙ্গ।
প্ৰিয়া, তুমি ঢালিলা কি মোহন মদিৰা
হাঁহি কটাক্ষৰ? যি হাঁহিত বনে বনে
হৰিৎ ক্ষেত্ৰত, তৰু তৃণ লতিকাৰো
ভাগিল চমক্‌ । ঠায়ে ঠায়ে বিধে বিধে
ফুলিল ৰঙেৰে কূটজ-কুট্‌মল ৰাজি।
দ্ৰোণীজাত শুভ্ৰকান্তি ফুল্ল দ্ৰোণীদলে
প্ৰীতিভৰা লাজাঞ্জলি যাচিছে সাদৰে।
দেৱ তৰুসকলৰ মুকুল পৰাগ
উড়ি আহি পৱনৰ মৃদুল গতিত,
সুকোমল গৌৰতনু পেলাইছে জুৰ।
ৰঞ্জিত তুষাৰ শুভ্ৰ নিমজ গালত
সুৰভি কুঙ্কুম ৰাগ ৰক্তচন্দনৰ,
শেষাদ্ৰি শিখৰ যেৱে ৰঞ্জি সন্ধ্যাৰাগে
সুখেৰে বিশ্ৰাম কৰে সান্ধ্য নভোমণি।
বিবুধ-বনিতা সৱে সিঞ্চি  নভো-ৰেণু
দিছেহি পিন্ধাই মুক্তাহাৰ - আভৰণ,
কৌমুদী-প্লাৱিত তব কোমল বুকুত।
যেতিয়া জোনালী নিশা মধু পূৰ্ণিমাৰ
হয় সুধা-ধৱলিত নীলিম আকাশ,
সপ্তস্বৰে কম কণ্ঠে কেতকী অপ্সৰী
ঢালি দিয়ে ক্ষীৰ-ধাৰা, ৰস ভঙ্গিমাত
ভৰি উঠে যেন তৱ পল্লৱীত বুকু।
নন্দন নন্দিতা তুমি দেৱ পাৰিজাত,
যাৰ গন্ধ-মদিৰাত মুগ্ধ দেৱপূৰী।
নাজানো অপ্সৰী বেশে কোন দেৱতাৰ
আছিলা হৃদয়-ৰাণী আলাসৰ লাড়ূ
মদনৰ কাম-শৰ আছিলা নে প্ৰিয়া
গিৰি-কৈলাসত, যিদিনা মোহিনী ৰূপ
ধৰিছিল ধূৰ্জ্জটিৰ ধ্যান-ভঙ্গ হেতু ?
কোপ-অনলত পৰি শাপভ্ৰষ্টা হৈ
ভ্ৰমিছাহি নে কি দেৱী শৈল-শিখৰত?
দেৱভোগ্য উপভোগ তিয়াগি সকলো
হ'লা চিৰ নিৰ্বাসিতা চিৰদিনলৈ।
আছিলা তুমিয়ে প্ৰিয়া ঋষি আশ্ৰমত
ফুলৰ কুঁৱৰী সাজি, পুষ্প উপবন
কৰি জাতিষ্কাৰ। প্ৰভাতৰ সমীৰণে
কত খেলা খেলি থাকে তোমাৰ লগত,
যেতিয়া পিচলি পৰে মৃদু হিল্লোলত
বুকৰ আঁচল। লাজতেই কুচি-মুচি
তলমূৰ কৰি কোন ঋষি তনয়ক
যাচিছিলা যৌৱনৰ সৌন্দৰ্য্য মাধুৰী!
নিদাঘৰ দহনত দুখ পোৱা বুলি
আল ধৰিছিল কোন তাপস্‌-কুমাৰী?
মলচি দিছিল গাৱ কোমল হাতেৰে,
পূণ্যতোয়া মালিনীৰ শীতল জলেৰে?
প্ৰাণ-প্ৰিয়া, আজি মোৰ বিজন কুঞ্জত
তুলিবানে লয়লাসে হাঁহিৰ তৰঙ্গ?
ব্যথাৰে উপচি পৰা আকুল প্ৰাণত
দিয়া প্ৰেম-মকৰন্দ অমৃত পৰশ
-অকৃত্ৰিম প্ৰণয়ৰ স্নেহ আলিঙ্গন;
নিস্প্ৰভ ফুলনি মোৰ হক জ্যোতিৰ্ময়।

1 comment:

  1. শুদ্ধ ৰূপত উপস্থাপন কৰাৰ বাবে আপোনাক ধন্যবাদ।
    নয়ন জ্যোতি কোঁৱৰ, কটন, 9365407937

    ReplyDelete