Monday 30 May 2016

উৰ্মিলা



কবিঃ- পদ্মনাথ গোহাঞিবৰুৱা

নিৰমল নাম গোন্ধে প্রাণ কোমলাই

ফুলনিৰ এচুকত মুখ আমোলাই

ফুলি ফুলি এটি পাহি কাব্য কাননত

হৰিছিল কবি প্ৰাণ থাকি নিজানত।


সর্বগুণে বিভূষিতা অতুলনা সীতা

আৰু দুটি ৰূপৱতী জনক দুহিতা

কৌশল্যা কৈকেয়ী সৰু সুমিত্রা সুন্দৰী

সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী

সাৱিত্ৰী, দ্ৰৌপদী, দময়ন্তী, জয়মতী

ৰম্ভা, মন্দোদৰী, তাৰা, সতী, লীলাৱতী

সৰমা, ৰুক্মিনী, উষা কত নাৰী ফুল

প্রকাশ্যে ফুলাই নৰ কৰিলে আকুল

সুচতুৰ স্বৰ্গী কবি, স্বর্গ কাৰণে
উৰ্মিলা পাহিটি থলে অর্ধেক গোপনে।

No comments:

Post a Comment