Sunday 14 December 2014

দহিকতৰা


কবিঃ-ৰঘূনাথ চৌধাৰী

আছিলি নিমাতী হই কত দিন ধৰি;
      বলিল শীতল বাৱ
কুৰুৱাই দিলে ৰাৱ,
আহিল বসন্ত দৰা লাহ বাহ কৰি
আদৰি আনিলি তয়ে তুলি সুৱাগুৰি।



ক্ষীৰ শ্ৰাৱী সুকণ্ঠৰ মল্লাৰ ধ্বনিত
বাজি উঠে বন-বেণু;
উড়ি ফুৰে ফাকু-ৰেণু,
কৰে নৃত্য-লীলা-ভঙ্গী ফুল্ল ফুলনিত,
উঠিল স্পন্দন গিৰি-শিখৰ মণিত!




পল্লৱে পল্লৱে ভৰি উঠে গীতি-ছন্দ;
কিবা অপৰূপ দৃশ্য,
উদ্বেলিত মহাবিশ্ব,
শ্বৰগৰ পৰা আনি অমৃতৰ ভাণ্ড
ঢালি দিছে মৰতত প্ৰেম মকৰন্দ।


কাৰ প্ৰেৰণাত তই জুৰিলি সঙ্গীত?
তটিনীৰ ক্ষীৰধাৰা
কাৰ প্ৰেমে আত্মহাৰা?
যি গীতৰ তৰঙ্গত হ'ল তৰঙ্গিত
হৃদয় আপ্লুত কৰে নাচোন ভঙ্গীত।

সঙ্গীতৰ সুধাধাৰ দিলি তই বাকি;
আকাশত  ৰামধনু
ৰঞ্জিলে নীলিমা তনু,
দেৱপুৰী এৰি থই আকাশী নৰ্তকী
মৰতত ভৰি দিলে উৰ্বশী কেতেকী।


মেঘকন্যা সৱে পিন্ধি তড়িতৰ হাৰ,
গাত লই নীলাম্বৰী,
আৰোৱান খনি ধৰি
আগ্ৰহেৰে দিছে তোক প্ৰতি উপহাৰ;
কুঞ্জে কুঞ্জে ঘুৰি কত কৰিছ বিহাৰ।


আলোড়িত গন্ধৰ্বপূৰ নন্দন কানন
গালি কিনো বিশ্বজিত
মদালসা প্ৰেম-গীত,
পাতিলি প্ৰেমৰ হাট লীলা নিকেতন,
কৰে য'ত বসন্তই কুঞ্জ নিধুৱন!


সোণগুটি সোণাৰুৱে লই থোপামণি,
কনক কবিতা ৰচি
দিছে প্ৰেম উপযাচি;
ধৱল বুকু মেঘৰ বুকু তুলাপাত খনি
কত কাব্য-কথাৰেই হইছে শুৱনি।

লুইতৰ কাণে কাণে কঁহুৱাৰ ফুল
বতাহত হলি জালি
ঢৌৱে ঢৌৱে ঢৌ খেলি
তুষাৰ ধৱল কান্তি ধৰিছে বিলুপ,
যেনে সুৰ তৰঙ্গিণী পুলকে আকুল।


সোণোৱালী পৰাগ সৰিয়হ ডৰা,
ৰূপৰ মাধুৰী সনা
ঢালি প্ৰেম জ্যোতি কণা;
উৰায় পৰাগ ফাকু মনপ্ৰাণ হৰা;
ৰমক জমক হ'ল বিশ্ব বসুন্ধৰা।

শোভাৰ অঞ্জৰ তুলি তৰু শোভাঞ্জন;
তাতে পৰি প্ৰিয়া তই
তুলি সঙ্গীতৰ লয়
সানি দিলি ৰূপচ্ছটা ধৱলী অঞ্জন,
কৰিছে স্বৰ্গীয় দৃশ্যে হৃদয় ৰঞ্জন।

বুঢ়া আজাৰৰো তয়ে ভাঙিলি চমক,
লাগিল বসন্ত বা,
উলহ মালহ গা,
নৱ কিশলয় দলে কৰি জক্‌ মক্
সাম্ভাষিছে ভআগৰুৱা কত পথিকক।


শিৰীষ ডালত প্ৰিয়ে পৰি দিনে দিন
ফুল কোঁৱৰক লই
কি খেলা খেলিছ তই?
ডেকা-ধনি লাগি তাৰ দেহা হ'ল ক্ষীণ,
এয়ে নেকি যাদু তোৰ ভালপোৱা চিন?

ৰূপহী সেউতী, জৱা, চম্পা, যুতি, জাতি
ফুলৰ কুঁৱৰীবোৰে
সাজি ৰং ৰূপহেৰে
ফুলৰ শৰাই কত থানে থানে পাতি
জনাইছে ব্যাকুলতা ইঙ্গিতেৰে মাতি।

দিনফুলী মালতীৰ ৰূপ বিতোপন;
বিচিত্ৰ বৰণ ধৰি,
বুকুখনি উদি কৰি
লই গন্ধ-উপহাৰ কুংকুম-চন্দন
যাচিছে সাদৰি তোক প্ৰণয়-চুম্বন ।

কৰবীৰ-টগৰত তুলি দিলি ঢৌ;
ফুলে ফুলে ফুল-ৰাণী
সাজি দিলে ফুলবেণী;
মৌপিয়া আইটিকো লাগে কিবা মৌ
মনৰ আশাটি বাৰু পুৰাবি নে নৌ?

আলসুৱা ডালিমীৰ বুকুখনি জুৰি
পাখিলাহী পখিলাই
ঘনে ঘনে চুমা খায়
ৰূপলীলা তৰঙ্গত নাদুৰি সাঁতুৰি;
হেঁপাহ পলাই পিয়ে অমিয়া মাধুৰী।

অ' প্ৰেয়সী গুটিমালি নহবি অধীৰা,
প্ৰিয়তম জনে আহি
বজাই মোহন বাঁহী
পিয়াৰ মিলন দুতে প্ৰণয় মদিৰা;
পলাব পিয়াহ-ভোক হৃদয়ৰ পীড়া।

5 comments:

  1. বৰ ভাল লাগিল পঢ়ি

    ReplyDelete
  2. খুব সুন্দৰ কবিতা

    ReplyDelete
  3. আস্ কত ফুলৰ নামৰে কি সুন্দৰ কবিতা ! দহিকতৰাৰ মাত শুনিবলৈ পাই কবিতাটিও আকৌ পঢ়িবলৈ মন গ'ল ! ধন্যবাদ ।

    ReplyDelete
  4. তেওৰ কবিতা বোৰ পঢ়ি বৰ ভাল লাগে।

    ReplyDelete