Monday 30 May 2016

প্ৰাৰ্থনা



কবিঃ- মোছলেহ- উদ্দিন আহমদ

নিচেই এধানি              হিয়া প্ৰভূ মোৰ
নিচেই এধানি হিয়া,
তোমাৰ চেনেহ            কৰুণা বৰষি
ডাঙৰ হবলৈ দিয়া;
প্ৰভূ, ডাঙৰ হবলৈ দিয়া।



লোকৰ দুখত              দুখী হবলৈ
পমোৱা কোমল হিয়া,
অন্তৰৰ পৰা                কুৰ্চুট কপট
নিয়া আঁতৰাই নিয়া;
প্ৰভূ, নিয়া আঁতৰাই নিয়া।


মনৰ মাজত               অজ্ঞান আন্ধাৰ
তেনেই গুচাই দিয়া,
তোমাৰ জেউতি           জ্বলক হিয়াত
পোহৰ হবলৈ দিয়া,
প্ৰভু পোহৰ হবলৈ দিয়া।



No comments:

Post a Comment