Wednesday, 29 June 2016

সুখৰ ঠাই

কবিঃ আনন্দচন্দ্ৰ আগৰৱালা

শুনিছো সুখৰ ঠাই তোমাৰ মুখত
কোৱা আই! সেই ঠাই আছে বাৰু ক’ত?
কোৱা সি জেউতি ভৰা দেশ ক’ত বাৰু?
আমিনি বিছাৰি তাক নেপাম নে আৰু?
কমলাৰ ফুল য’ত অলেখ ফুলিছে,
গছৰ ডালৰ মাজে জোনাকী নাচিছে,
তাতে নেসুখৰ ঠাই কোৱা মোক আই?

- নহয় নহয় তাত সাদৰী সোণাই।


দীঘল পাতেৰে যত আছে বহু তাল,
ৰ’দৰ তাপত পকে খাজুৰি ৰসাল;
নীল সাগৰত থকা মাজুলীবোৰত
সুন্দৰ সুগন্ধি নানা ফুল ফুলে য’ত;
ফুলাম পাখিৰে য’ত পখীবোৰ উৰে-
শুৱলা মাতেৰে গীত গাই গাই ফুৰে,
তাতে নে সুখৃ ঠাই কোৱা মোক আই?
   -       নহয় নহয় তাত সাদৰী সোণাই।

তেন্তে কি সি ঠাই, আই ! দূৰ অতিশয়
সোণালী বালিৰ মাজে নই য’ত বয়।
চৰিছে জেউতি য’ত পদ্মৰাগ মণি;
পোহৰে হীৰাই য’ত নিৰ্‌জন খনি;
পোৱাল-বন্ধোৱা পাৰ নীল সাগৰৰ
আছে য’ত শোভা কৰি মুকুতা আঁকৰ;
তাতে নে সুখৰ ঠআই কোৱা মোক আই?

 -     নহয় নহয় তাত সাদৰী সোণাই।



চকুৰে নেদেখি সোণ, সি সুখৰ স্থান
কাণেৰে নুশুনি সেই আনন্দৰ গান;
সপোনৰ অগোচৰ সি সুখৰ ঠাই
ৰোগ শোক জৰা মৃত্যু যি দেশত নাই;
বিনাশী কালৰ তাত অধিকাৰ নাই;
আকাশৰ ওপৰত সি সুখৰ ঠাই।
অমৰ সৌন্দৰ্য তাত বিৰাজে সদায়,

চিৰসুখ চিৰশান্তি সাদৰী সোণাই। 

No comments:

Post a Comment