Sunday 30 May 2021

অসমীয়া ওমলা গীত

ডঃ নিৰ্মলপ্ৰভা বৰদলৈ

()

শামুক অ' শামুক

খাবা নেকি জালুক?

জালুক যদি নোখোৱা

ওলাবহি ভালুক

()

হাঁহ হাঁহ হাঁহ

হৈছেনে কাহ?

দৰৱ বুলি খাবানে

বাৰীৰ এতা বাঁহ??

()

জেঠী অ' জেঠী

কথা কওঁ এটি

আঁকিবানে বেৰত

মোৰ এখন ছবি?

()

কু....

খচ খচ খচ খচ খচ

ডাঙৰ ৰেল,

সৰু ৰেল

'ত বাৰু যায়?

দিল্লী!

কলিকতা!

মোকো লৈ যোৱা ভাই

মোকো লৈ যোৱা ভাই

()

' ঘোঁৰা, ঘোঁৰা

কাঠৰ সৰু ঘোঁৰা

নেজডাল খঁৰা

দাঁতবোৰ লৰা

কেনেকৈ খাবা বাৰু

বুটমাহ পোৰা??

()

মেকুৰী আহ, আহ

মিউ, মিউ, মিউ

গাখীৰ আছে, মাছ আছে

আৰু আছে ঘিঁউ

()

বে কৰে ছাগলীয়ে

মিউ মিউ মেঁৱে

কক কক কুকুৰাই

পেক পেক হাঁহে

লাক পাকুৰ কুৰ

কয় পাৰবোৰে

তাকে দেখি ভলুকাই

ভুক ভুক কৰে

()

নীলা গাড়ী

'লা গাড়ী

ৰঙা গাড়ী যায়

ভোঁ ভোঁ কৰি গুচি যায়

কোনে চলায়?

হৰ্ণ দি ভাইটিয়ে

নিয়ে চলাই

তিতঁ তিতঁ, পেঁট পেঁট

কৰি গুচি যায়

()

বেলি, বেলি, বেলি

ৰুটীৰ লগত খাবানে

আমৰ মিঠা জেলি?

(১০)

'দ দিছে ৰঙা

বৰশীৰ পুঙা

চুঙা পিঠা খাবলৈ

'ত আছে চুঙা?

(১১)

আইচক্ৰীম বৰ মজা

আইচক্ৰীম খাম,

আবেলি শুই উঠি

ফুৰিবলৈ যাম

(১২)

টফি, টফি, টফি

দিয়াচোন মামণি

খাওঁ চুপি, চুপি

(১৩)

তিলপিঠা দীঘলীয়া

ঘিলাপিঠা গোল,

বিহু হ'লে খাম দেই

বজাই এটা ঢোল

(১৪)

ৰাতিপুৱাই কাউৰীয়ে

কৰে কা কা,

কোমল চাউল, দৈ গাখীৰ

পকা কঁঠাল খা

(১৫)

নমো কৰা, নমো কৰা, নমো কৰা ভাই

মায়ে নমো কৰে সদায় সদায়

দাঁত ঘঁহা, দাঁত ঘঁহা, দাঁত ঘঁহা ভাই

দেউতাই দাঁত ঘঁহে সদায় সদায়

গাখীৰ খোৱা, গাখীৰ খোৱা, গাখীৰ খোৱা ভাই

ভাল ল'ৰাই গাখীৰ খায় সদায়, সদায়

কিতাপ পঢ়া, কিতাপ পঢ়া, কিতাপ পঢ়া ভাই

দাদাই কিতাপ পঢ়ে সদায় সদায় (আৰ্হিৰে)

 

No comments:

Post a Comment