Friday 21 November 2014

মোৰ পূজা

তোমালোকে তেল পুৰি
    শলাগছি দিয়া
        প্ৰদীপ পূজাৰ
মই জালোঁ শিহা পুৰি
    ৰাঙলী হিয়াৰ
        অগ্নি অনিৰ্বাৰ
সেয়ে মোৰ প্ৰদীপ পূজাৰ।

প্ৰদীপ যি তোমাসাৰ
    ঢিমায় ঢুকায়,
        বতাহে নুমায়;
মোৰ সি প্ৰদীপ জ্বলে
    পলে পলে
        তলে তলে,
বতাহে আহি তাক
    দুগুণে জ্বলাই।
তোমালোকে নাম গোৱা
বন্ধা নাম বন্ধা সুৰে
    সতোদয় একেলগে
        চাপৰি বজায়;
মই গাঁও নানা স্বৰে,
ছন্দে ছন্দে থৰে থৰে,
হৃদয়ৰ স্তৰে স্তৰে
    হৃদয় সজাই
তোমাসাৰ নাম সি যে
    তোমাসাক বান্ধি ছাটি
        থোৱাতেই থয়;
যিবা আহে যিবা যায়
    জিভাতেই ৰয়;
মোৰ সি নাম ধ্বনি
    ঢুকি আকাশত,
তৰাক আকুলি আহি,
ফুলৰ মুখত হাঁহি
    হিয়া কাঢ়ি লয়।
তোমালোকে পূজা কৰা
    এজন, দুজন কিম্বা তিনিজন,
        নতুবা তেত্ৰিশ কোটি,
            ত্ৰিশ কোটি লোকে;
মই পূজো কাৰোবাক কবকে নোৱাৰো,
এই দেখো, এই নাই ভূলোকে দ্যুলোকে;
    নিতে নৱ ৰূপ তাৰ,
        নিতে অগোচৰ;
বিচাৰি তাকেই বয় চকুলো পলকে
    লক্ষ ধাৰে লক্ষ সুঁতি
        অলক্ষ্য সাগৰ।

No comments:

Post a Comment