Friday 21 November 2014

বিশ্বহৰণ

তেতিয়া যদিও নাছিলা তুমি
    ৰূপৰে চমকে চমকাই চকু
আছিল তেতিয়া
    সুন্দৰ মোৰ
জোন-বেলি-তৰাই
    জুৰাই বুকু।

আছিল আকাশ মুকলি হৈ
    মোকেই সদায়
    কোলাত লৈ
বতাহে দিছিল চুমা;
    গাইছিল নৈয়ে
    কুলু কুলু গান
মোৰেই লগত
    ধৰি সমতান,
নাছিল সুখৃ সীমা।
    মোকেই চাই
    হিয়া বিয়াকুল
হাঁহিছিল কত
    প্ৰভাতৰ ফুল
নিশা কান্দিছিল তৰা;
    যেইপিনেই চাও
        সেইপিনে দেখোঁ
মোৰেই সকলো
    মোৰেই মাথো
মোৰেই বসুন্ধৰা।
যিদিন হন্তে
    চকু ছাট্‌মাৰি
        তুমি উজলিলা মোৰ;
সেইদিন ধৰি
    যেন নিছা হৰি
        তিল্ তিল্‌কৈ
            সকলোবোৰ।
    তিল্ তিল্‌কৈ
        হৰিলা বিশ্ব,
    তিলোত্তমা হৈ
        কৰিলা নিস্ব
    কাঢ়িলা জোনৰ মুখ;
আকাশৰ কোলা
    কৰিলা উদং
বতাহৰ নিলা
    মনৰ ৰং
নৈৰ নথলা সুখ।
    ফুলৰ হৃদয়
        কৰিলা হৰণ,
    লুটিলা তাৰ
        লাবণ্য-বৰণ,
তবাক পেলালা জ'য়;
হৰিলা বেলিৰ
    হিৰণ কিৰণ,
কৰিলা বিৰাট
    বিশ্ব হৰণ
আৰু কি প্ৰাণত সয়?

No comments:

Post a Comment