Monday 15 December 2014

প্ৰিয়তমাৰ চিঠি

সৌন্দৰ্যৰ বুকুৰ কাঁচলি উদঙাই
প্ৰকৃতিৰ চো ঘৰ চালো পিত্ পিত্ ,
কুকুৰাঠেঙীয়া এই আখৰকিটিত
যি অমিয় ঘঁহা আছে, ক'তো আৰু নাই।


কবি নিকুঞ্জত ফুলি কত কবিতাই
মলয়াত উটি উটি ফুৰে পৃথিৱীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,
কবিতাৰ কাব্যে তাৰ গোন্ধকো নেপায়॥

ফুল ফুলে, সৰি যায়, শুকায় বননি,
বসন্তৰ কুঁহি-পাত ৰ'দত লেৰেলে;
তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,
নিতৌ নোহোৱা বাহী ন ন ফুল মেলে।
যত শুঙো, চুমা খাও নেলাগে আমনি,
হৃদয়ত হেঁপাহৰ ভোতাতৰা জ্বলে ।

No comments:

Post a Comment