Thursday 18 December 2014

কবিতা

শোকৰ সংগীত সিটি, বিষাদৰ সুৰ;
আতুৰৰ হুমুনিয়া, লোতক চকুৰ;
বেজাৰৰ ক'লা ৰেখ, তৃষ্ণা তৃষিতৰ;
বিধবাৰ বুকুফটা যাতনা কাতৰ ।

ছঁয়াময়া সুখৰ সি খন্তেকীয়া হাঁহি;
সুৰৰভি বিলাই যোৱা গোলাপৰ পাহি।
বিজুলীৰ চকামাক নিমিষ পোহৰৰ;
জোনৰ কোমল কান্তি, পানীৰ লহৰ ।
বীণাৰ আতমা সিটি উড়ি গুণ গায়;
বাঁহিৰ জীৱন সি যে ডালত কুউৱাই ;
ৰমণীৰ কমনীয় মাধুৰী মধুৰ;
আধা-ফুটা আধামাত, সৰগ শিশুৰ ।
লাজেৰে তিওৱা মুখ সুন্দৰী ৰূপহী ;
নিয়ৰত গা-ধোৱা সেউতী সি বাহী ।
অনাঘ্ৰাত কেতেকীৰ সোণোৱালী ৰেণু ;
বৃন্দাবন-মতলীয়া কলীয়াৰ বেণু ।
প্ৰকৃতিৰ কামনাৰ সৌন্দৰ্য-ৰঞ্জিত,
কবিতা কল্পনাময়ী কৰিব বাঞ্ছিত ।

No comments:

Post a Comment