Thursday 18 December 2014

প্ৰিয়তম


"জনমৰ পৰা শুনি আহি আছো
মুকুতা-মালাৰ কথা ;
ক'ত পোৱা যায়, কেনেকুৱা বস্তু,
কিন্তু নাই পোৱা দেখা ।"


"প্ৰিয় শুনি যোৱা,' বুলি দিলো মাত
মাৰি হাঁহি মিচিকয়া,
হাঁহিয়ে হঁহাই উদঙালে দাঁত
ক'লো আঙুলিৰে "চোৱা" ।

"আৰু আছো শুনি কিন্তু নাই দেখা
ৰঙা পোৱাালৰ মণি।"
আকৌ দেখুৱালোঁ প্ৰিয়তমা ওঁঠ
হেঙূলী পোৱাল মণি ।

"কাঁইট নথকা ৰূপৰ গোলাপ
বোলে পৃথিৱীত নাই;
একোকে নেমাতি প্ৰিয়াৰ দুগাল
থাকিব ধৰিলোঁ চাই ।

"ক'ত আছে এনে অপূৰ্ব পদুম
ৰাতি দিন থাকে ফুলি ?"
চকুৰে দি ঠাৰ দেখালো প্িয়ক
মুখেৰে একো নুবুলি ।

"প্ৰেমৰ প্ৰতিমা চেনেহ -পুতলা
কোন খনিকৰে কৰে ?
-"যেয়ে বা কৰক, সেইটি প্ৰতিমা
এই চোৱা মোৰ ঘৰে। 

No comments:

Post a Comment