Monday, 15 December 2014

নজনা বীৰৰ মুৰ

লুইতৰ পাৰৰ      চিলা পৰ্বতৰ
 দাঁ‌তিত এখনি গাঁ‌ও,
ভেলেঙীৰ দৰে  চকু জুৰি ৰয়
যেনিয়ে এবাৰ  চাওঁ‌।
 সেই গাওঁ‌তেই  আশী বছৰীয়া
মৰাণ বুঢ়াৰ ঘৰ,
সংসাৰত আছে  নাতি এটি মাথোঁ‌
সিয়েই আপোন পৰ।

বুঢ়াৰ মৰম  বেথাৰে কলীয়াৰ 
আঠোটি বছৰ হ্‌ল,
এদিন গধূলি শৰাই ঘাটলৈ 
অকলই ওলাই গ্‌ল।
মাটিত এফাল  পোত খাই তাত
আছে লাও খোলা পৰি
দেখি কলীয়াই  খানি উলিয়াই
আনিলে সাদৰ কৰি।
ককাকক সুধিলে  আতি গুৰি তাৰ
কলীয়া যে সৰু লৰা,
কলে বুঢ়া আপে  হুমুনিয়াহ কাঢ়ি
কথাটি আগৰে পৰা।
এদিন মোগলে  সাগৰৰ দৰে
অলেখ সেনানী লই,
ৰাম সিংহ ৰজাৰ  লগত আহিল
লোভত বলিয়া হই।
অতি আদৰৰ  সোণৰ অসম
কৰো বুলি ছাৰ খাৰ,
অহিল মোগল   ৰাজপুত বিজয়ী
দেশ জুৰি হাহাকাৰ ।
 শৰাই  ঘাটৰ  ৰজাৰ বিষয়া 
লাচিত ফুকন বীৰ,
জন্মভূমিক   ৰাখিবৰ মনে 
উপায় কৰিলে স্থিৰ।
দেশৰ কাৰণে  প্ৰাণ দিবলৈ
আহিল কতনো বীৰ,
পৰি গ্‌ল হায়  শৰাই ঘাটতে
অলেখ জনৰ শিৰ।
লাচিত বীৰৰ  সহিব নোৱাৰি
অতুল বিক্ৰম-বল,
মোগল সেননী  জয় আশা এৰি
অহা বাটে ঘুৰি গ্‌ল।
সেই যুঁজতেই   তোৰো পিতাৰে 
এৰিলে নিজৰ প্ৰাণ,
হাঁহি হাঁহি গই   দেশৰ কাৰণে
জীৱন কৰিলে দান।

আজিও দেখোন   মনত পৰিলে 
ফুলি উঠে বুকু মোৰ,
জনমভুমিৰ  কাৰণে মাৰিল 
ভাগ্যৱান পিতা তোৰ।

আলৈ  এথানি  নকৰিবি হেৰ
কোনোবা বীৰৰ মূৰ,
অতি আদৰৰ   বস্তু হেৰ্  সেইটো
পৱিত্ৰতা ভৰপূৰ।

কলীয়াই দিলে  মৰাণ বুঢ়াক  
নজনা  বীৰৰ মুৰ,
চন্দন কাঠৰ  চিতাত  জ্বলাই
বুকু যে পেলালে জুৰ।


5 comments:

  1. Line 21 .. It should be mughal .. Not jugal

    ReplyDelete
  2. Line 21 .. It should be mughal .. Not jugal

    ReplyDelete
  3. ধনাবাদ, শুধৰোৱা হ'ল

    ReplyDelete
  4. I was using OCR on google drive, some mistakes skipped my editing.. :-)

    ReplyDelete
  5. ভাল লাগিল ।

    ReplyDelete