Friday 26 December 2014

তেজীমলা

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা
তেজগোৰা বেলি     জিলিকনি মেলি
    সাবটিব আহি ধৰা ;
পূৱাতে মলয়া         উঠি ছঁয়া-ময়া
    বোলে উঠা তেজীমলা ।

মেঘ-মলা ৰঙ্গা        পিন্ধি দিগঙ্গনা
    সিঁচিছে আশাৰ ধাৰি ;
উত্ৰাৱল পানী        ৰঙা হাঁহি সানি
    খলকিছে ছুই ভৰি ।

ৰূপতে  ৰূপ তুলি     পাৰিজাত ফুলি
    -তেজীমলা জক্‌মকায় ;
চৌপাশে বেৰি         মৰমে সাদৰে
    পানীৰ লতা বগায় ।

মানুহে কুটুমে         দলিয়াই পেলালে,
    কাকনো কুটুম পালি ?
মৰম-বেথাৰে        আজলী কুঁৱৰী
    এটাইকে নিজা কৰিলি ।

তোৰে পানীৰ চৰাই     সাঁতুৰি ফুৰিছে
    ক'তো বা উড়িছে বনাই;
মলয়া বায়ুৰে         মিতিৰ পাতিলি
    - ঘৰৰ হে বাতৰি নাই ।

দূপৰীয়া বেলি         পানীয়ে উজলি
    সিঁচিছে মুকুতা -তৰা ;
ফটিক পানীৰে         মাজে মাজে ধীৰ
     চৰিছে পোৱাল-দৰা ।

সোণ-ৰূপ মাছ         আহিছে গইছে
    ঘৰ পোহনীয়া তোৰে;
মনত পৰেনে         পাৰ যুৰি তোৰ
    মাতিলে হাতত পৰে ?

ফুলবাৰী খনি         পাহৰিয়ে আছে,
    চৰে নে হৰিণা জনী ?
কোনে ভুলাইছে     মৰমৰ তোৰ
    শাৱলী পোৱালী কণি ?

সখীৰ বাতৰি         কোনে কব পাৰে
    তো জীৱনৰ লগ ;
মৰমৰ সখী        আঁতৰালে কোনে
    আকৌ নে মিলিন সঙ্গ ।

কুমাৰী ছোৱালী     কুটুমে পেলালে
    দলিয়াই মৰম ফেৰি ;
মানুহে -মানুহে         ইমান হে মৰম
    চকুলো পৰে সুঁৱৰি !

মানুহৰ চোঁতালত    মাধুৰী ফুটিলে
    মানুহে নিচিনি হায় ,
সাৰি, তুলি, ছিঙি     মোহাৰি পেলালে
    -মানুহৰ মৰমো নাই ।

মৰমৰ পানী         নোহোৱা ঠাইত
    কেনেকে বিশ্বাস থয়?
সেয়ে তেজীমলা     দূৰৈতে শিপাই
    পাৰিজাত হৈ ৰয় !

শতক বান্ধেৰে         তলীৰে সইতে
    বান্ধিলে নিছিগা কৰি ;
ধুমুহা-বতাহে         খং-ৰাগে আৰু
    কিনো নো কৰিব পাৰি ?

সিদিনা সন্ধিয়াৰ     দৰে আজি কিয়
    তেনেকুৱা কৰে মন  ?
বেজাৰ মাৰ গৈ         বেলিটিয়ে তোক
    দিছিলে যে বিসৰ্জন ।

আজি পূৱাই বেলি     হাঁহি চকু মেলি
    পঠালে বাতৰি কিবা;
চিকুন নাওখনি         আশাৰে উজলি
    আহিছে উজাই বা ।

মানুহৰ নাও         মানুহৰ ভাও
    দেখিয়ে লাগিছে ভাল ;
মানুহৰ মিতিৰ         বৰ মৰমৰ
    পাতিছে কিহৰ জাল?

গহীন মু'খনি        মৰমেৰে সনা
    মোৰেই দেৱতা এওঁ ;
কেলেই লাগিছে     মানুহৰ লগ
    -আহিয়ে দেখো ধৰেও ।

"হাতো নেমেলিবি    ফুলো নিছিঙিবি
    ক'ৰে নাৱৰীয়া তই ;
মানুহে ফুলৰ         কি জানে আদৰ
    তেজীমলাহে মই ।"

5 comments:

  1. প্ৰশ্নসমূহ ৰ উত্তৰ

    ReplyDelete
    Replies
    1. কবিতাটোৰ সাৰাংশ

      Delete
    2. কবিতাৰ সাৰাংশখিনি জনাব।

      Delete
  2. ৬০০৩৩৬৮৪১১

    ReplyDelete
  3. কবিতা ৰ সাৰাঙখ

    ReplyDelete