Friday 26 December 2014

মানৱ বন্দনা

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা

আহিছে মানুহ         গইছে মানুহ
    মানুহ ময়াপী জীৱ ;
মানুহ-সোঁতৰ         অন্ত নাইকিয়া'
    বুলিলে মৰত কিয় ?

মানৱী  জনম         দিয়া উটুৱাই
    মানৱী কৰম সোঁতে
মানুহৰ মৰম        বুজিবা মানুহে
    ধৰম যে মৰমতে ।

মানুহেই লগ        মানুহেই সঙ্গ
    মানুহেই পৰাৎপৰ ;
এই যে পৃথিৱী         স্বৰ্গতো অধিক
    মানুহৰ নিজাপী ঘৰ ।

মানুহেই দেৱ        মানুহেই সেৱ
    মানুহ বিনে নাই কেৱ ;
কৰাঁ কৰাঁ পূজা        পাদ্য-অৰ্ঘ্য লৈ
    জয় জয় মানৱ দেৱ ।

No comments:

Post a Comment