Friday 26 December 2014

অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা

কবিঃ- জ্যোতিপ্ৰসাদ  আগৰৱালা

ঠুনুক্ ঠানাক্ কৈ অমিয়া বৰষা
অমাতৰ মাত যেন কোৱা যিটো ভাষা ;
অসমীয়া ভাষা মোৰ বৰ মৰমৰ
জলন্ত সাধনা মোৰ কত জনমৰ ।


অগনি অমৃত মৌ ছন্দ গীত গান,
লয় তাল মান মাত্ৰা অলঙ্কাৰ তান
শতভঙ্গ নৱভঙ্গ কাব্য নিজৰাৰ,
নৱৰস বৰষক ধাৰে বাৰিষাৰ ।

উজ্বলক নৱ ভাৱ তৰা কোটি কোটি
মোৰ ভাষা-আকাশতো নিতে নিতে ফুটি ।
কল্পনা-বনত হওক কবিতা উদয়,
প্ৰচণ্ড প্ৰতিভা জ্বলি জগত বিস্ময় ।

বসন্ত প্ৰকৃতি সমা হোক মনোবন,
ৰূপে-ৰসে গন্ধে গানে বিশ্বৰ বোধন ।
চিৰ সুন্দৰক নিতে মাগি আছো বৰ,
কামৰূপা ভাষা মোৰ কৰিবা অমৰ  ।
পৃথিৱী লক্ষ্মীৰ হৈ ফোঁট কপালৰ
জ্বলিব জেউতি জোন যাউতি যুগৰ ।

1 comment:

  1. আজিকালিৰ পাঠ্যক্ৰমত এনে সুন্দৰ কবিতা বোৰ দিব লাগে

    ReplyDelete