Friday 26 December 2014

আগত

কবিঃ- জ্যোতিপ্ৰসাদ  আগৰৱালা

                    মোৰ গানত আছে
সোণ সপোনৰ সাৰ নোপোৱা ৰূপ ;
                   মোৰ গানত উৰে
বিশ্ব পূজাৰ গন্ধময়ী ধূপ ।


                  মোৰ গানত আছে
নতুন দিনৰ কইনা শুই ;
                 তাইৰ বুকুত আছে
তিনিও ভূৱন পোহৰ কৰা জুই ।

                  অহা কালিৰ ধল পূৱাতেই
তাইযে সাৰ পাব ;
                  নতুন দিনৰ নতুন যুগৰ
গুটি সিঁচিঁ যাব ।

No comments:

Post a Comment