Monday 15 December 2014

বৰদোৱা

কবিঃ-পদ্মধৰ চলিহা
এয়ে সেই তৰু শঙ্কৰ শিলিখা শ্ৰীশঙ্কৰৰ কীৰিতি-স্তম্ভ
আজিও বাজিছে কাম্য-ভূমিত, চূৰ্ণ কৰি কালৰ দম্ভ।
ইয়াতে আঁউজি কৰিলে শঙ্কৰে অমিয়া-প্ৰসূতা লিখনী বৃষ্টি;
ৰচিলে দুলড়ী,ভটিমা, লেচাৰি, কৰিলে সাহিত্য-জগৎ সৃষ্টি ।
দোওৱাঁ পথিক, দোওৱাঁ হে শিৰ, প্ৰণিপাতে পাবা প্ৰাণত শান্তি-
এয়ে ভকতৰ কল্পতৰু যে, এয়ে পাৰিজাত স্বৰগ-কান্তি ।
চোঁৱাহি চোঁৱাহি শ্ৰীমন্ত শঙ্কৰে নিজহাতে লিখা অমৰ গ্ৰন্থ;
কোনোবা কাহানি সাঁচিপাতে ধৰা জিলিকে আজিও পূণ্য মন্ত্ৰ।
কালৰ কৱলে নোৱাৰে নাশিব হস্তাক্ষৰৰ দৈৱ শক্তি;
মহাকালে চাই দূৰতে পলায়, দেখুৱাই মাথো অচলা ভক্তি ।
দোওৱাঁ পথিক, দোওৱাঁ হে শিৰ, প্ৰণিপাতে পাবা প্ৰাণত শান্তি-
এয়ে ভকতৰ কল্পতৰু যে, এয়ে পাৰিজাত স্বৰগ-কান্তি ।

ধুলিৰ ধূসৰ দলিচা ওপৰে আহাঁচো চোৱাঁহি আকাশী গঙ্গা;
পুত-সলিল সৰোবৰ এটি বেঢ়ি আছে কেনে কানন-জঙ্ঘা ।
কৰে আৱাহন বাহু মেলি মেলি পুণ্য সুৰভি শতাৰবিন্দ;
থৰ লাগি আছে ধ্যানত মগন চাৰিওপাশত বিটপীবৃন্দ ।
দোওৱাঁ পথিক, দোওৱাঁ হে শিৰ, প্ৰণিপাতে পাবা প্ৰাণত শান্তি-
শূন্যে শূন্যে উটি অহা শুনা পুণ্য-গৰ্ভ গভীৰ গানটি।




No comments:

Post a Comment