Monday 15 December 2014

বিদায়

কবিঃ- দূৰ্গেশ্বৰ শৰ্মা
বই যোৱা, গই থাকা        চেঁচা পানী ধাৰি
সাগৰত কৰ দিয়াগৈ;
তোমাৰ পাৰত মোৰ    নপৰিব ভৰি
কেতিয়াও চিৰ কাললৈ ;

লাহে লাহে বৈ যোৱা      পথাৰে-সমাৰে
জান গুচি হোৱাগৈ নৈ;
নুফুৰোঁ তোমাৰ আহি     এই পাৰে পাৰে
কেতিয়াও চিৰকাললৈ ।
নল গজি হুমুনিয়া   ইয়াতে পেলাব
বিৰিণা কঁপিব ৰৈ ৰৈ ;
ভোমোৰায়ো আহি নানা    গীত মাত গাব
পাৰেমানে চিৰকাললৈ ।
হেজাৰ সুৰুয বব        তোমাৰ দেহত
নাচিবও হেজাৰ চন্দ্ৰই;
নপৰিব ভৰি মোৰ    তোমাৰ পাৰত
কেতিয়াও চিৰকাললৈ ।

No comments:

Post a Comment