Friday 26 December 2014

কবি

কবিঃ- জ্যোতিপ্ৰসাদ  আগৰৱালা

কল্পনা-বিলাসী হৈ
কল্পনাৰ বগা ডাৱৰৰ
    মাজে মাজে উৰি ফুৰা

সোণোৱালী পূৱা-সন্ধিয়াৰ
    ফুলে ফুলে পাখি লগা
        পখিলাটি হৈ


পাহৰিব খোজা নাই,
বাস্তৱৰ নিষ্ঠুৰ,
পাহৰিব খোজা নাই
    জীৱনৰ কৰ্তব্য কঠোৰ
পৃথিৱীৰ মাটি পানী
    ধূলি  বালি এৰি থৈ
হব খোজা নাই মাথোঁ
কল্পনাৰ সপোনৰ ৰাগীৰে বিভোৰ ।

No comments:

Post a Comment