Sunday 14 December 2014

বিশ্বৰূপ

 কবিঃ-ৰঘূনাথ চৌধাৰী

তোমাৰ ৰং ৰূপহৰ ভাওনাখনি ভাগিব কোন দিনা,
তোমাৰ বন্ধ হব কোন কাহানি মোহন সুৰৰ বীণা?
তোমাৰ কুহকিনী নৰ্তকীৰ ভুৱন-মোহন বেশ;
হাঁহি কটাক্ষৰ বিলাস-ভঙ্গী কোন দিনা হব শেষ?

মন্ত্ৰ মুগ্ধ মৃগশিশু যেন, চাই ৰ'লো ভেবা লাগি,
লগৰীয়াবোৰ দিহাদিহি গ'ল মোৰ নেভাগিল ৰাগী।
তড়িত খেলাৰ চিক্‌মিকনিত দৃষ্টি হ'ল মোৰ ক্ষীণ,
দিন-কণা হৈ ভাওনা ঘৰত পৰি ৰলোঁ চিৰদিন ।
প্ৰহেলিকাময় ভাওনা তোমাৰ কেতিয়া পৰিব ওৰ,
চকুত চমক লগাই কিমান ৰং চোৱা-প্ৰভূ মোৰ!
অৰূপ ৰূপৰ স্বৰূপ তোমাৰ নুবুজিলো মই হৰি,
অলীক ভাওনা দেখাই মাথোন বিবেক নিলা হৰি!
লালী ত পৰা পৰুৱাৰ দৰে নেদেখো কেনিও বাট,
মায়াৰ বান্ধোনে বান্ধি কিয় মোক পেলাইছা যাতনাত?
প্ৰভূ, মৰীচিকাৰ ইন্দ্ৰজাল খনি চকুৰ আঁতৰ কৰা
তোমাৰ বিশ্বৰূপৰ মোহন মেলা আগত ডাঙি ধৰা ।
দূৰ হওক প্ৰাণৰ আবিলতা, দূৰ হওক মনৰ ভ্ৰান্তি ;
তোমাৰ ভুমানন্দ ৰূপটি চাই লভিম প্ৰাণত শান্তি ।

No comments:

Post a Comment