Sunday 14 December 2014

পেঁপা

কবিঃ- দূৰ্গেশ্বৰ শৰ্মা

শুনিছো পেঁপাৰ মাত পথাৰৰ পৰা
ৰঙ্গা বেলি মাৰ যায় যায়।
আহিছে গৰুৰ জাক পথৰুৱা বাটে,
ওচৰত গৰখীয়া নাই।
গৰখীয়া ভোলগৈ গৰুকো এৰিলে
পথাৰতে আছে আজি ৰৈ;
মানুহৰ মাতে কব নোৱাৰা কথাকো
কয় আজি পেঁপাটিকে লৈ।

No comments:

Post a Comment