Friday 5 December 2014

বশিষ্ঠাশ্ৰম


কবিঃ-ৰঘূনাথ চৌধাৰী

হে পথিক, জুৰোৱাহি তাপিত জীৱন,
ক্ষন্তেক বহিলে হিয়া পৰিব শীতল;
ভাগৰুৱা পথিকৰ শান্তি নিকেতন,
অময়া প্ৰেমৰ পুৰি গিৰি সন্ধ্যাচল!
প্ৰকৃতিৰ কাম্যবন ঋষিৰ আশ্ৰম,
অমৰ বাঞ্চিত পুৰী অতি বিতোপন;

চাৰিদিশ নিজঞ্জাল নিমাত নিজম;
গম্ভীৰ প্ৰকৃতি যোগী ধ্যানত মগন!
সন্ধ্যা, ললিতা, কান্তা পৰ্বত-জীয়ৰী,
তিনিওটি বাই-ভনী স্বৰ্গীয় ভাৱত
মহিমাৰ গীত গাই স্বভাৱ সুন্দৰী
সম্ভাষিছে ব্ৰহ্মপুত্ৰ স্বামীৰ কোলাত।
দুকাষে ফুলৰ শাৰী গছ লতিকাই
হালি-জালি সেৱা কৰি ঋষিৰ পাৱত
গগন-বিহাৰী পখী কানন ভুলাই
মঙ্গল আৰতি কৰে কুঞ্জ কাননত।
পৱিত্ৰ হোমৰ গোন্ধে বহু দূৰলৈ
কৰিছিল সুপৱিত্ৰ পুণ্য তপোবন;
বনৰ চৰাই-পহু প্ৰেমে মুগ্ধ হই
কাণ পাতি শুনিছিল সাম বেদ-গান;
বজায় অমৰ বাদ্য, চেও ধৰি ধৰি -
দীপক পঞ্চম সুৰে গীত আৰাধনা
গাইছিল মিলি যত ঋষিৰ জীয়ৰী।
ইন্দ্ৰৰ অমৰাৱতী প্ৰমোদ কানন
মৰত ভূমিত চোৱা কিবা শোভা ধৰে!
বন-দেৱী সৱে পিন্ধি পুষ্প আভৰণ
প্ৰকৃতি-ফুলনি মাজে আনন্দে বিহৰে ।
ঋতুৰাজ বসন্তৰ প্ৰিয় সম্ভাষণে
সৌন্দৰ্য্য উপচি পৰে পুষ্প-কাননৰ;
ফুলৰ সুগন্ধ আনি সান্ধ্য সমীৰণে
বিলাইছে শান্তি সুধা স্বৰ্গীয় প্ৰেমৰ ।
সুৱগী কুলিয়ে মাতে অপূৰ্ব তানেৰে,
জিলিয়ে বজাই বীণা মিলন সুৰত;
নীৰৱ প্ৰকৃতি ভেদি ললিত ঝংকাৰে
উঠে তাৰ প্ৰতিধ্বনি কাম্য কাননত।
শৰতৰ ক্ষীণ জ্যোতি পুৱতি জোনৰ,
বিৰিঙে যেতিয়া আহি ফুলৰ খোপাত;
কি যে মনোমোহা দৃশ্য কুঞ্জ কাননৰ !
পৰাণ বিভোল হয় পৱিত্ৰ ভাবত ।
বহল শ্যামল ক্ষেত্ৰ শিলনিৰে গঁথা,
লেখা আছে বশিষ্ঠৰ হৃদয় দুৰ্গত
অতীত গৌৰৱ-স্মৃতি আৰু পুণ্য কথা,
বিশ্ব-লীলা- অভিনয়, কীৰ্তি শত শত
বহু যুগ মাৰ গ'ল কালৰ সোঁতত,
আজিও বশিষ্ঠাশ্ৰম আছে একে ভাৱে;
আৰ্য্যৰ গৌৰৱ ঘোষি মৰ্ত্য ভুৱনত
বিজেতাৰ হেন্দোলনি সহিছে নীৰৱে।

No comments:

Post a Comment