Wednesday 24 December 2014

তন্দ্ৰামগ্ন

কবিঃ- অম্বিকাগিৰি ৰায়চৌধূৰী

ৰাণীৰ ওঁঠত ফটিকা এটুপি,
    যুগ বহু শত
   আছিলোঁ নিতাল দি ;


স্বপ্ন-বিভোৰ তন্দ্ৰা-হালুক
     মত্ত চিতৰ পাল
ৰঙাই-বোলাই চৰিল কিমান অবুজ বেথাৰ জাল ।
   
    সেই জ্বালাটোৰ আঁৰে আঁৰে
        ৰাণীৰ ৰুণুজুনো ;
           ৰূপটো বুকুত নুঠে ফুলি,
    কেৱল সাৰি শুনো ।

আজি তন্দ্ৰা তুটিল,
        ৰাগী ভাগিল,
    ৰাণীক আগত পালোঁ ;

ইয়াৰ ওঁঠত নহয়, পদত অমৰ সুধা পিলোঁ  ।

No comments:

Post a Comment